ওড়িশাৰ বিৰুদ্ধে নিলৰ্জ আত্মসমৰ্পণ অসমৰ

ওড়িশাৰ বিৰুদ্ধে নিলৰ্জ আত্মসমৰ্পণ অসমৰ
Published on

গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অসম আৰু ওড়িশাৰ মাজত খেলা ৰঞ্জী ট্ৰফীৰ এখন খেলত ওড়িশাৰ

বিৰুদ্ধে নিম্নমানৰ প্ৰদৰ্শন আগবঢ়াই পৰাজয় স্বীকাৰ কৰে ঘৰুৱা দল অসমে।চাৰিদিনীয়া খেলখনত ওড়িশাই প্ৰথমে টছত জয়ী হৈ অসমক

বেটিঙৰ বাবে আমন্ত্ৰণ জনাই। ওড়িশাৰ বলাৰৰ সুন্দৰ বলিঙৰ আগত ধৰাশয়ী হৈ মাত্ৰ ১২১ ৰাণতে প্ৰথম ইনিংছ সামৰে।

প্ৰত্যুত্তৰত ওড়িশাই নিজৰ প্ৰথম ইনিংছত ২৪০ ৰাণ কৰে। দ্বিতীয় ইনিংছ আৰম্ভ কৰি প্ৰথম ইনিংছৰ পুনৰাবৃত্তিৰে অসমে মাত্ৰ ১৩২ ৰাণতে ইংনিছ

সামৰে।ওড়িশাক জয়ৰ বাবে প্ৰয়োজনীয় ১৬ ৰাণৰ লক্ষ্য দলটোৱে মাত্ৰ এটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে। দুৰন্ত প্ৰদৰ্শনৰে ১১ টা উইকেট

দখল কৰা ৰাজেশ মহান্টিয়ে ম্যান অফ দ্যা মেচৰ সন্মান পায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com