ওদালগুৰিত মুকাভিনয় কৰ্মশালা সমাপ্ত

ওদালগুৰিত মুকাভিনয় কৰ্মশালা সমাপ্ত
Published on

ওদালগুৰিৰ জিলাৰ গলমাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জাগৰন গোষ্ঠী আৰু ৰামধেনু সাস্কৃতিক গোষ্ঠীয়ে ১৩ দিনীয়াকৈ আয়োজন কৰা মুকাভিনয় কৰ্মশালাৰ অন্ত পৰিছে।ওদালগুৰিত পোনপ্ৰথমবাৰৰ বাবে অনুস্থিত হোৱা মুকাভিনয় কৰ্মশালাত অংশগ্ৰহন কৰা ২৩ জন শিক্ষাৰ্থীক প্ৰশিক্ষন দিয়ে পাটশালাৰ ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু বঙাইগাঁওৰ সমৰ জ্যোতি সৰকাৰে।অনুস্থানৰ শেষত বিবেক উপাধ্যায়ে শ্ৰেষ্ঠ অভিনেতা,অংকিতা দেৱীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী,দিপামনি বৈশ্য শ্ৰেষ্ঠ সহ-অভিনেত্ৰী আৰু পৰশমণি কৌণ্ডিলয় শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ সন্মান লাভ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com