কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তি কৰাৰ দাবীৰে উত্তাল হ’ল দিছপুৰ লাষ্টগেট

কলিতা জনগোষ্ঠীক  জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তি কৰাৰ দাবীৰে উত্তাল হ’ল দিছপুৰ লাষ্টগেট
Published on

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপিত হোৱাৰ পিছতে এতিয়া প্ৰতিবাদত নামি পৰিছে কলিতা জনগোষ্ঠী। কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তিকৰণৰ দাবীত কলিতা জনগোষ্ঠীয় সংগঠনে দিছপুৰ লাষ্টগেটত এক ধৰ্না কাৰ্য্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে বগীবিল দলঙৰ নাম শ্বহীদ মণিৰাম দেৱান, বীৰ ৰজা ভগদত্ত প্ৰকল্প নিৰ্মাণ, অসমৰ ভূমিপুত্ৰ কলিতাসকলক সম আধিকাৰ প্ৰদান, সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তি কলিতাৰ নায্য দাবী আদি বিভিন্ন দাবীৰে হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল কৰে দিছপুৰ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com