ৰাজ্যিক বাতৰি
কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ দল এটাই পৰিদৰ্শন কৰে ডিফুৰ বাট-পথ
কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ দল এটাই চিইএমৰ নেতৃত্বত তুলিৰাম ৰংহাঙে ডিফুৰ গড়কাপ্তানি বিভাগৰ অন্তৰ্গত বাট-পথ পৰিদৰ্শন কৰে।দলটোৱে ডিফুৰ ৰুকাসেনৰ হ'ম কেলভেৰী স্কুলৰ পৰা ফংগ্লাংচু,ৰংপাংবং,পিৰবি মাৰ্কেট,হাউচিং বৰ্ড,আইটিআই শিক্ষক কলনী,লামডিং ৰ'ড,ৰংমনজিৰ,বিনাপানি আৰু ডিফুৰ মাৰ্কেট ৰ'ডৰ পৰিদৰ্শন কৰে।চিইএমে গড়কাপ্তানি বিভাগৰ অভিযন্তাক অতি কম সময়ৰ ভিতৰত পথৰ নিৰ্মান কাম শেষ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰি কৰে।
চিইএম তুলিৰাম ৰংহাঙে কয় কামৰ গুণ অতি ভাল হোৱাৰ উপৰিও কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদে অতি সোনকালে তথা চলিত বৰ্ষতে ডিফু চহৰ খনৰ ভাল দিশ এটাৰ বাবে আশা কৰিছে আৰু লগতে যিসকল ঠিকাদাৰে ভাল কাম নকৰিব তেওঁলোকৰ বিল সমূহ মোকলাই নিদিব বুলিও মত প্ৰকাশ কৰে ৰংহাঙে।