কিছু পৰিমানে উন্নত বান পৰিস্থিতি,শিৱসাগৰ জিলা প্ৰশাসনে কৰিলে পৰিদৰ্শন

কিছু পৰিমানে উন্নত বান পৰিস্থিতি,শিৱসাগৰ জিলা প্ৰশাসনে কৰিলে পৰিদৰ্শন
Published on

শিৱসাগৰ জিলাৰ বান পৰিস্থিতি যোৱা দুদিন ধৰি কিছু পৰিমানে উন্নত হোৱা পৰিলক্ষিত হৈছে।যোৱা মঙলবাৰে,শিৱসাগৰ জিলা প্ৰশাসনৰ এটা দলে শিৱসাগৰৰ বানপিড়ীত অঞ্চল সমূহ পৰিদৰ্শন কৰে।মহমৰাৰ বিধায়ক জোগেন মহান আৰু ঠউৰাৰ বিধায়ক কুশল দেউৰীও প্ৰশাসনীয় দলটোত অংশ-গ্ৰহন কৰে আৰু বানপিড়ীত অঞ্চল সমূহ পৰিদৰ্শন কৰে।

প্ৰশাসনীয় দলটোৱে দিখৌমুখ,টেলিয়াদুংগা,ৰূপহীমুখ,কোৱঁৰপুৰ,বেটেনা,পানবেচা,দিচাংমুখ,ৰূপহী,ভাটীয়াপাৰা,শুকানপুখুৰী আৰু নঙলামুখ এলেকা সমূহ পৰিদৰ্শন কৰে।ইয়াৰোপৰি,বৰ্নাত্য লোক সকলক খাদ্য-সামগ্ৰীও বিতৰন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com