কৈৱৰ্ত সম্প্ৰদায়ৰ ইতিহাসক সংৰক্ষণ কৰাৰ কাৰণে কমিটী গঠন

কৈৱৰ্ত সম্প্ৰদায়ৰ ইতিহাসক সংৰক্ষণ কৰাৰ কাৰণে কমিটী গঠন
Published on

কৈৱৰ্ত সম্প্ৰদায়ৰ মহিমামণ্ডিত ইতিহাসক সংৰক্ষণ কৰাৰ লগতে এক বৌদ্ধিক আৰু সাংস্কৃতিক বাতাবৰণ গঢ়ি তোলাৰ কাৰণে দেওবাৰে গোলাঘাটত কৈৱৰ্ত সাহিত্য আৰু সংস্কৃতি সভা নামেৰে এটি সংগঠন গঠন কৰে ৷ এই সন্দৰ্ভত গোলাঘাট পৌৰসভাৰ প্ৰাংগণত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰেক্ষাগৃহত এখন সভা আয়োজন কৰে ৷

সভাখনত সভাপতিত্ব কৰে লেখক আৰু ইতিহাসকাৰ সূতৰাম দাসে ৷ সভাখনত মুখ্য উপদেষ্টা ৰূপে ড° প্ৰফুল্ল হাজৰিকা,সভাপতি ৰূপে সূতৰাম দাস আৰু কাৰ্যবাহী সম্পাদকৰূপে তিলক চন্দ্ৰ দাসৰ সহিতে এখন কমিটী গঠন কৰে ৷সভাখনত ভাগ লৈ পৰমানন্দ দাসে কয় যে কৈৱৰ্তসকলৰ অসমৰ ভূমিপুত্ৰ ৷

অসমত কৈৱৰ্তসকলৰ এক গৌৰৱশালী ইতিহাস আছে ৷ বৰ্তমান এই গৌৰৱশালী ইতিহাসক সংৰক্ষণ কৰিব লাগে ৷লগতে, বুদ্ধিজীৱীসকলে এই ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা বহন কৰিব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com