কোকৰাঝাৰ জিলাত 'ক্লিন এণ্ড গ্ৰীন ভিলেজ' প্ৰজেক্ট মুকলি

Published on

যোৱা বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাত অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 'মাই গভাৰ্মেণ্ট এচাম' ৰ অন্তৰ্গত 'ক্লীন এণ্ড গ্ৰীন ভিলেজ'ৰআচনি আনুষ্ঠানিক ভাৱে মুকলি কৰে ।মৰিগাঁও এলপি স্কুলত অনুষ্ঠিত হোৱা অনুষ্ঠান খন মুকলি কৰে মৰিগাঁও জিলাৰ অন্তৰ্গত তিতাগুৰি বিকাশ ব্লকৰ পৰিৱেশিক আৰু ৰাজ্যিক বন বিভাগ আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ চন্দ্ৰকান্তা বসুমতাৰীয়ে ।

সভাত উপস্থিত থাকি চন্দ্ৰকান্তা বসুমতাৰীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় যে,মৰিগাঁও খনে প্ৰথম য'ত 'ক্লীন এণ্ড গ্ৰীন ভিলেজ' আচঁনি খন কাৰ্যকৰী কৰা হৈছে । আৰু গাঁও খন চাফ-চিকুনকৈ ৰখা প্ৰতিজন গাঁওৱাসীৰ দায়িত্ব বুলিও তেওঁ মত প্ৰকাশ কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com