কোকৰাঝাৰ বিকাশ কৰ্তৃপক্ষৰ নতুন অধ্যক্ষ

কোকৰাঝাৰ বিকাশ কৰ্তৃপক্ষৰ নতুন অধ্যক্ষ
Published on

শিম্বাৰগাওঁ হাই স্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক কিশোৰ বসুমতাৰীয়ে যোৱা মঙলবাৰে কোকৰাঝাৰ বিকাশ কৰ্তৃপক্ষৰ সন্মিলনত তথা কনফাৰেণ্স হলত তৃতীয় অধ্যক্ষ হিচাপে শপত গ্ৰহন কৰে। নগৰউন্নয়ন,চহৰ আৰু দেশ উন্নয়ন কেন্দ্ৰৰ সচিবে তেওঁক শপত বাক্য পাঠ কৰায়।ইয়াৰ লগতে শপত গ্ৰহন অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ নগৰ উন্নয়নৰ ইএম ধৰন ধৰ বড়ো আৰু ক্ৰীড়া আৰু যুৱ কল্যানৰ দনেশ্বৰ গয়াৰীৰ লগতে আৰু অন্য সদস্য সকল উপস্থিত থাকে।

ইএম গয়াৰীয়ে মত প্ৰকাশ কৰি কয় যে,কোকৰাঝাৰ জিলাৰ বিটিচৰ মুখ্য দপ্তৰ হৈছে চহৰ খনৰ বিকাশৰ প্ৰথম।তেওঁ কয় যে,উচ্চ নিৰ্মিত অট্টালিকা,নলা-নৰ্দমাৰ নিৰ্মান,কেনেল ৰ'ড,বিজুলী আৰু অন্য আন্তঃগাঠঁনিৰ কাম অতি সোনকালে সঠিক ভাৱে পৰিকল্পনা কৰা উচিত।ইয়াৰ উপৰিও তেওঁ মত প্ৰকাশ কৰে যে,কোকৰাঝাৰ বিকাশ কৰ্তৃপই চহৰ খনক স্বচ্ছ কৰি ৰাখিবলৈ মানুহৰ মাজত সজাগতা সৃষ্টি কৰা উচিত।তেওঁ আশা কৰিছে যে অনাগত সময়ত নতুনকৈ মনোনয়ন হোৱা অধ্যক্ষ গৰাকীয়ে সঠিক পদক্ষেপ গ্ৰহন কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com