ৰাজ্যিক বাতৰি
গহপুৰত মানৱ সৰবৰাহকাৰী আটক
গহপুৰতস্থিত ঘাঁহিগাঁও আৰক্ষীয়ে ব্ৰহ্মাজান চাহ বাগিচাৰ ২নং লাইনৰ পৰা চিবু বাগ নামৰ মানৱ সৰবৰাহীটোক আটক কৰে। ধৃত চিবু বাগে কৰ্ম সংস্থাপনৰ প্ৰলোভন দি চাৰি যুৱকক পঞ্জাৱত বিক্ৰী কৰিছিল । উল্লেখযোগ্য যে ৫ মাহ পূৰ্বে হৃত্বিক কৰ্মকাৰকে ধৰি আন তিনিজন ক্ৰমে অভয় তাঁতী, কৈলাশ মহানন্দ আৰু মনীষ তাঁতী নামৰ যুৱককেইজনক পঞ্জাৱত বিক্ৰী কৰিছিল ।