দ্বিতীয় পৰ্যায়ৰ গুণোৎসবৰ ফলাফল ঘোষণা: ১৭ বিদ্যালয়ক স্বচ্ছ বিদ্যালয় পুৰস্কাৰ প্ৰদান

দ্বিতীয় পৰ্যায়ৰ গুণোৎসবৰ ফলাফল ঘোষণা: ১৭ বিদ্যালয়ক স্বচ্ছ বিদ্যালয় পুৰস্কাৰ প্ৰদান
Published on

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বচ্ছ বিদ্যালয় পুৰস্কাৰ প্ৰদান অনুষ্ঠান।এই অনুষ্ঠানত উপস্থিত থাকে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য । অনুষ্ঠানতে ঘোষণা কৰা হয় দ্বিতীয় পৰ্যায়ৰ গুণোৎসবৰ ফলাফল ।

৪৬,৪০৪খন বিদ্যালয়ত হৈছিল দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। ২০১৮ বৰ্ষত A+ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ১১ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত A+ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ১০,৬৭৮খন, A গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ২১,৮০১খন, B গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ১০,৯৩৫খন, C+ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ২,২৯৯খন আৰু D গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ৬৯১খন।

অনুষ্ঠানত ১৭ খন বিদ্যালয়ক স্বচ্ছ বিদ্যালয় পুৰস্কাৰ প্ৰদান কৰে ।

কামৰূপ জিলাৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়, বঙৰা পাঁচনীয়পাৰা মজলীয়া বিদ্যালয় আৰু বৰুৱাজানী বাপুজী প্ৰাথমিক বিদ্যালয়ে লাভ কৰিছে এই বঁটা। কাছাৰ জিলাৰ ৬৩০নং কচুদৰম প্ৰাথমিক বিদ্যালয়, ৭৮নং ৰামনগৰ প্ৰাথমিক বিদ্যালয় আৰু নন্দন কানন চাহ বাগিচা প্ৰাথমিক বিদ্যালয়লৈ এই বঁটা। তিনিচুকীয়া জিলাৰ পাঁচখন বিদ্যালয়ে লাভ কৰিছে এই বঁটা। বিদ্যালয়কেইখন হ’ল ১নং কুমচুইং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়, তালাপ বালিবজাৰ হিন্দী প্ৰাথমিক বিদ্যালয়, পূব শদিয়া মধ্য ইংৰাজী বিদ্যালয়, দুৰ্গাবাৰী শিশু বিদ্যালয় প্ৰথমিক বিদ্যালয় এল পি স্কুল আৰু তিনিচুকীয়া বংগীয় বিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয়। বৰপেটা জিলাৰ গোমূৰা মধ্য ইংৰাজী বিদ্যালয়ে লাভ কৰিছে এই বঁটা। শোণিতপুৰৰ নবিল পথাৰ প্ৰথমিক বিদ্যালয়, চিৰাঙৰ ২নং ছোট লাউগাঁও সৌমলা প্ৰাথমিক বিদ্যালয় আৰু ৮১৯নং নেহৰু হিন্দী প্ৰাথমিক বিদ্যালয়েও লাভ কৰিছে এই বঁটা। ইফালে, ডিব্ৰুগড়ৰ বাল্য ভৱন প্ৰথমিক বিদ্যালয়ে লাভ কৰিছে বঁটা। গোলাঘাটৰ ৰংবং শ্ৰীমন্ত শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়েও লাভ কৰিছে এই বঁটা।

শিক্ষকসকলক প্ৰতিবাদত অংশগ্ৰহণ নকৰিবলৈ আহ্বান শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। বিদ্যালয়সমূহত টয়লেট দিয়া হৈছে কিন্তু বহু বিদ্যালয়ৰ টয়লেট পানীৰ অভাৱত বন্ধ থাকে। অনাগত দিনত অসমৰ সকলো বিদ্যালয়ত নিয়মীয়া পানী যোগানৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com