গুৱাহাটী মহানগৰত ৩ মাহত ২৩৯ টা পথ দুৰ্ঘটনা, ৬৩ জন নিহত

গুৱাহাটী মহানগৰত  ৩ মাহত ২৩৯ টা পথ দুৰ্ঘটনা, ৬৩ জন নিহত
Published on

গুৱাহাটী মহানগৰত ৩ মাহৰ ভিতৰত ২৩৯ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে । ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা গুৱাহাটী মহানগৰত ২৩৯ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে । পথ দুৰ্ঘটনাত ৬৩ জন লোক নিহত হোৱাৰ লগতে, ২০৭ জন লোক আহত হৈছে ।

ট্ৰাফিক আৰক্ষীৰ সূত্ৰই জনোৱা মতে ৩ মাহত সংঘটিত ২৩৯ টা দুৰ্ঘটনাৰ ৬১ টা দুৰ্ঘটনাই মাৰাত্মক আছিল । ৬১ টা দুৰ্ঘটনাৰ ৩৬ টা ভয়াবহ দুৰ্ঘটনা আছিল । ৩ মাহৰ ভিতৰত সংঘটিত এই ভয়াবহ দুৰ্ঘটনা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে । ৩৮ জন লোক নিহত হৈছে এই দুৰ্ঘটনাত। আনহাতে ১৭৮ টা সৰু দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বিগত ৩ মাহত ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com