গুৱাহাটীৰ পানবজাৰ স্থিত ডন বক্স স্কুলত "ইক’ফেষ্ট"ৰ আয়োজন

গুৱাহাটীৰ পানবজাৰ স্থিত ডন বক্স স্কুলত "ইক’ফেষ্ট"ৰ আয়োজন
Published on

গুৱাহাটীৰ পানবজাৰ স্থিত ডন বক্স’ স্কুলৰ ইক’ ক্লাবে "ইক’ফেষ্ট"নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰে ৷ চলিত বৰ্ষৰ ইক’ফেষ্টত পৰিবেশ সম্বন্ধীয় বিভিন্ন বিষয়ৰ ওপৰত জাগৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে ৷ এই অনুষ্ঠানত পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত গুৱাহাটীৰ যুৱকসকলক একত্ৰিত কৰাৰ লগতে ৰাজ্যত পৰিবেশ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লোৱাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

লগতে প্লাষ্টিক বটলৰ ব্যৱহাৰৰ অনুপযোগিতা সন্দৰ্ভেও এই অনুষ্ঠানত উল্লেখ কৰা হয় ৷ অনুষ্ঠানটিত উত্তৰ পূৱৰ ইউ এন চেপ্তাৰৰ ড° অশ্বিনী শৰ্মাই পৃথিৱীৰ কেনেদৰে পৰিৱৰ্তন হৈছে এই সন্দৰ্ভত মন্তব্য প্ৰদান কৰে ৷ মুখ্য অতিথি এ এম সিঙে উপস্থিত ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিয়ে ৷

ইফালে ইকো ক্লাবৰ সভাপতি ঋষভ পৰাশৰে ভাষণ প্ৰসংগত কয় যে প্ৰদূষণ সৃষ্টি কৰিব নালাগে, প্ৰদূষণৰ সমাধান কৰিব লাগে ৷ অনুষ্ঠানটিত বিভিন্ন আলোচনাৰ পিছত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন হয় ৷এই প্ৰতিযোগিতাত কুইজ,ফটোগ্ৰাফী, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিযোগিতাত অতি উৎসাহেৰে ভাগ লয় ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com