গোলাঘাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ

গোলাঘাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ
Published on

গোলাঘাট জিলাৰ বগৰীজেংৰ নৰাগাঁৱত পুনৰ পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ।দীৰ্ঘদিনৰ পৰা অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছিল বাঘটোৱে।বন বিভাগৰ সহযোগত অঞ্চলটোত যোৱা দুটা বছৰে পিঞ্জৰাবদ্ধ হৈছে ৮ টা নাহৰফুটুকী বাঘ। দীৰ্ঘদিন ধৰি নাহৰফুটুকী বাঘটোৱে অঞ্চলটোত গৰু, ছাগলী, গাহৰি আদি জীৱ- জন্তু ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল । নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ কৰাত বনবিভাগে সহায় কৰা বাবে স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com