ঘূৰ্ণি বতাহৰ ফলত তিনিচুকীয়া জিলাত দুজন নিহত , বাসগৃহৰ ক্ষতি

ঘূৰ্ণি বতাহৰ ফলত তিনিচুকীয়া জিলাত দুজন নিহত , বাসগৃহৰ ক্ষতি
Published on

প্ৰচণ্ড ঘূৰ্ণি বতাহে কোবাই যাই উজনি অসমৰ বিভিন্ন প্ৰান্ত। দেওবাৰে সন্ধিয়া অহা ঘূৰ্ণি বতাহৰ ফলত তিনিচুকীয়া জিলাৰ চৈখোৱা খণ্ডৰ অন্তগৰ্ত বিভিন্ন অঞ্চল দুটা শিশু নিহত হোৱাৰ লগতে বহুতো লোক আহত হৈছে ।মাতৃ আৰু ভনীয়ে আহত বুলি জানিব পৰা গৈছে । দাঙগৰি, ঢলা ধাবুম, চৈখোৱা আৰু না বৰমুৰা ৪ টা পঞ্চায়ৰ ৪৫ খন গাঁওত ধুমুহায়ে ক্ষতি সাধন কৰে। প্ৰায় ১,২০৫ ঘৰ ধ্বংস হোৱাৰ লগতে বহুতো ক্ষতিসাধন হয় । বহুতো প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি পৰে ।

নিহত হোৱা শিশু দুটাৰ নাম জনাথন হাচা আৰু সুশিল হাচা । আহত মাতৃ চেটাঙ হাচা আৰু ভনীয়েক দিপালীক সংকটজনক অৱস্থাত এ এম চি এইচত ভৰ্তি কৰোৱা হৈছে ।

চৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হব লগা ৰাজ্যিক জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ পেণ্ডেলটো ক্ষতি সাধন হয় ধুমুহাৰ ফলত । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অংশগ্ৰহন কৰাৰ কথা আছিল । কিন্তু পিছত অনুষ্ঠানত বাতিল কৰা হয়। তিনিচুকীয়া জিলা প্ৰশাসনৰ লোকে ক্ষয় ক্ষতিৰ ওপৰত পৰ্যাবেক্ষন কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com