চিৰাংত নিৰ্বাচনী বিষয়াৰ দ্বাৰা ভোট গণনাকাৰী বিষয়াক প্ৰশিক্ষণৰ কাৰ্যসূচী

চিৰাংত নিৰ্বাচনী বিষয়াৰ দ্বাৰা ভোট গণনাকাৰী বিষয়াক প্ৰশিক্ষণৰ কাৰ্যসূচী
Published on

চিৰাংত বুধবাৰে জিলা নিৰ্বাচনী বিষয়াৰ দ্বাৰা ভোট গননাকাৰী বিষয়াক প্ৰশিক্ষণ দিয়া হয় । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কনফৰেন্সৰ হলত এই প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ২৩ মে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব । তাৰ বাবে তৎপৰ হৈ পৰিছে নিৰ্বাচনী বিষয়া সমূহ। ভোট গননাৰ প্ৰক্ৰিয়া সমূহৰ বিষয়ে এই প্ৰশিক্ষণত জনোৱা হয় ।

বিষয়া সকলক বিচক্ষণ প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে। ইভিএম আৰু ভিভিপেট , ভোট গননা আৰু ইটিপিবিএচ প্ৰক্ৰিয়া আৰু ভোট গননাৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই সম্পৰ্কে প্ৰশিক্ষণ দিয়া হয়।

প্ৰশিক্ষাৰ্থী সকলক সম্বোধন কৰি চিৰাংৰ জিলা উপায়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া গৌতম তালুকদাৰে ২৩ মেত অৰ্থাৎত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা দিনত ভাৰতীয় নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা গাইডলাইন সমূহৰ লগতে নিৰাপত্তা আৰু প্ৰস্তুতি আৰু দায়িত্ব , কৰ্তব্যৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয় ।

"সুবিধা এপ" ত নিৰ্বাচনৰ ৰাউণ্ড অনুসৰি ফলাফল আৰু সংযোগ আৰু আপল'ড কৰা এই সন্দৰ্ভতো কোৱা হয় । লগতে তেওঁ প্ৰকাশ কৰে যে ১৮ জন গননাকাৰী পৰ্যবেক্ষক, ১৮ জন গননাকাৰী সহকাৰী আৰু ২০ জন মিক্ৰ-পৰ্যবেক্ষকক দায়িত্ব দিয়া হৈছে কাজলগাঁওৰ ইউ এন ব্ৰক্ষ্মা কলেজৰ হলৰ বাবে।

জেনেৰেল পৰ্যাবেক্ষক, সহকাৰী ৰিটাৰনিং অফিচাৰ আৰু প্ৰাৰ্থী অথবা প্ৰাৰ্থীৰ দলৰ কৰ্মী, আন ৰাজনৈতিক দলৰ উপস্থিতিত পুৱা ৮ বজাৰ পৰা ভোট গননা আৰম্ভ হব । এই প্ৰশিক্ষণ কাৰ্যসূচীত এডিচি বিশ্বজিৎ গোস্বামী, নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্ম আৰু সহকাৰী উপায়ুক্ত ৰিংখাং মুছাহাৰি উপস্থিত থাকে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com