চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

মিজোৰামৰ পৰা গুৱাহাটীলৈ আনি থকা অৱস্থাত বন বিভাগে যোৰাবাটত চোৰাং চেগুণ কাঠভৰ্তি দুখনকৈ ট্ৰাক জব্দ কৰিছে।এখন ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক বন বিভাগে আটক কৰাৰ বিপৰীতে আনখন ট্ৰাকৰ চালক আৰু হেণ্ডিমেনে ঘটনাস্থলিৰ পৰা পলায়ন কৰে।ট্ৰাক দুখনৰ নম্বৰ আৰ জে ০২ জি এ ৫৯৪৮ আৰু আৰ জে ১৪ জি চি ৩৫৭০ বুলি জানিব পৰা গৈছ।ট্ৰাক দুখনৰ পৰা প্ৰায় ২০ লাখতকৈ অধিক মুল্যৰ কাঠ আছিল বুলি জানিব পৰা গৈছে।বহিঃৰাজ্যৰ পৰা অসমলৈ প্ৰত্যেক দিনাই এনেদৰে চোৰাং কাঠ সৰবৰাহ হৈ আহিছে।এক বৃহৎ চক্ৰই এই চোৰাং চলাই আছে জানিব পৰা গৈছে।ইমান বৃহৎ মুল্যৰ চেগুন কাঠ জব্দ কৰাটো বন বিভাগৰ বাবে বৃহৎ সফলতা হিচাপে প্ৰমানিত হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com