চৰকাৰৰ শ্ৰমিক-বিৰোধী আচঁনিসমূহকলৈ প্ৰতিবাদ

চৰকাৰৰ শ্ৰমিক-বিৰোধী আচঁনিসমূহকলৈ প্ৰতিবাদ
Published on

বিজেপি নেতৃত্বতৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ।জনগণৰ ভিন্ন অধিকাৰ সমূহ,বিশেষকৈ খেতিয়ক আৰু শ্ৰমিকসকল,আৰু অধিক হাৰত মুল্যবৃদ্ধিৰ ৰক্ষণা-বেক্ষন দিয়াত বিজেপি চৰকাৰ বিফল হোৱাত তেওঁলোকৰ বিৰুদ্ধে ইউনাইটেড লেফ্ট মোভমেণ্ট অৱ অসম(ইউএলএমএ)য়ে যোৱা বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ জিলা উপায়ূক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টাজুৰি অন্নশন কৰে।

শিৱসাগৰ জিলাৰ চিপিআই আৰু চিপিএম শাখাই নেতৃত্ব বহন কৰা আন্দোলনটোত ৰাজ্যসভাৰ প্ৰাক্তন সাংসাদ দ্ৰুপদ বঢ়াগোহাঁই,চিপিআইৰ কেন্দ্ৰীয় নেতা ধৰ্মা বৰুৱা,কনক গগৈ আৰু আইএনটিইউচিৰ নেতা ৰুদ্ৰ বৰুৱাই অংশ গ্ৰহন কৰে।

সভা খনৰ সম্বন্ধিতত প্ৰাক্তন এমপি আৰু জ্যোষ্ঠ চিপিআই নেতা দ্ৰুপদ বুঢ়াগোঁহাই অভিযোগ প্ৰদান কৰি কয় যে,নৰেন্দ্ৰ মোদীৰ শাসন কালতেই,প্ৰত্যোক ৩০ঘণ্টাত খেতিয়কৰ মৃত্যু আৰু প্ৰতি ছয় ঘণ্টাৰ অন্তত মহিলাৰ ধৰ্ষন হোৱা দেখা গৈছে।আনহাতে অবাবত দৰ বৃদ্ধি যেনে,পেট্ৰলিয়াম সামগ্ৰীৰ দৰ বৃদ্ধিৰ লগতে এলপিজিয়ে সাধাৰন ৰাইজক অসুবিধাৰ সন্মুখীনত পেলাইছে।ইয়াৰ উপৰিও চৰকাৰী শিক্ষক সকলৰ অনিয়মিয়া দৰমহাৰ ফলত এক হৃদয়স্পৰ্শী ঘটনাই সমগ্ৰ ৰাজ্যতে খলকনিৰ সৃষ্টি কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com