জামুগুৰি গাঁও পঞ্চায়তৰ ভোট গ্ৰহণ কেন্দ্ৰত নাই খোৱা পানীৰ ব্যৱস্থা

জামুগুৰি গাঁও পঞ্চায়তৰ ভোট গ্ৰহণ কেন্দ্ৰত নাই খোৱা পানীৰ ব্যৱস্থা
Published on

লোকসভা নিৰ্বাচন সমাগত । নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমুহৰ নিৰ্বাচনী প্ৰচাৰৰ তুংগত উঠাৰ সমান্তৰালকৈ সমষ্টিয়ে সমষ্টিয়ে ভোট গ্ৰহণ কেন্দ্ৰ সমুহৰ প্ৰস্তুতিৰ কাম কৰা হৈছে ।

প্ৰথম পৰ্যায় নিৰ্বাচনৰ বাবে ৫ টা সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰ সমুহত প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ হৈ উঠিছে । কিন্তু বহুতো ভোট গ্ৰহণ কেন্দ্ৰত বৰ্তমানে সমস্যাৰ আছে। জামুগুৰি গাঁও পঞ্চায়তৰ বহুতো ভোট গ্ৰহণ কেন্দ্ৰত প্ৰয়োজনী সুবিধা খিনি নাই । ৪ নং নাহৰজান আৰু ২ নং দৈয়াং ৰ প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত খোৱা পানীৰ ব্যৱস্থা নাই । বিদ্যালয়ৰ কতৃপক্ষ আৰু স্থানীয় লোকে ভোট গ্ৰহণৰ পুৰ্বে সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰিছে।

ৰাজ্যত তিনি টা পৰ্যায়ত অনুষ্ঠিত হব লোকসভাৰ নিৰ্বাচন। ১১ এপ্ৰিলত প্ৰথম পৰ্যায় ভোট গ্ৰহণ, ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত আৰু ২৩ এপ্ৰিলত তৃতীয় পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হব । ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com