টেক্টৰ বিতৰন

টেক্টৰ বিতৰন
Published on

যোৱা শনিবাৰে যুৱ দল প্ৰেক্ষাগৃহত শিৱসাগৰ জিলাৰ কৃষি বিভাগে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত টেক্টৰ বিতৰনৰ এক অনুষ্ঠান আয়োজন কৰে।ৰাজ্যিক বিদ্যুৎ মন্ত্ৰী তপন গগৈ অনুষ্ঠানৰ উদ্ধোধনী কৰে আৰু শিৱসাগৰ জিলা উপায়ুক্ত পিজি জাহে সহযোগ প্ৰদান কৰে।লগতে ৰাজ্যৰ খেতিয়ক সকলৰ সুবিধাৰ্থে আৰু খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে শিৱসাগৰৰ ১৬টা আত্মসহায়ক গোটক টেক্টৰ প্ৰদান কৰাৰ কথা অনুষ্ঠানৰ আৰম্ভনিতে তপন গগৈয়ে বক্তৃাতা প্ৰদান কৰে।

অনুষ্ঠানত আমগুৰি বিধায়ক আৰু অগপৰ সাধাৰন সম্পাদক প্ৰদীপ হাজৰিকা,থোৰাৰ বিধায়ক কুশল দুৱাৰী,বিজেপিৰ উপ অধ্যক্ষ এছ ৰাজকুমাৰী আৰু বহুলোক উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com