টেট উৰ্ত্তীন শিক্ষকৰ দূৰ্ঘটনাত মৃত্যু

টেট উৰ্ত্তীন শিক্ষকৰ দূৰ্ঘটনাত মৃত্যু
Published on

উত্তৰ লক্ষীমপুৰ জিলাৰ বৰমুৰীয়া তিনিআলিৰ আজাদ পানীগাঁওত টেট উৰ্ত্তীন শিক্ষকৰ দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হয়।জানিব পৰা মতে,মৃত ব্যক্তি জন হৈছে ৰামনিচুক গাঁওৰ ৰতন দাসৰ পুত্ৰ ৰন্তু দাস(২৯)।ৰন্তুৱে বিদ্যালয়লৈ তথা কৰ্মক্ষেত্ৰলৈ গৈ থকা অৱস্থাত মৃত্যু হয়।সঠিক দিশত গৈ থকা অৱস্থাত দূৰ্ভাগ্যবশত ৰন্তুৱে জোঙা বাহ গছত খুন্দা মাৰে,যি একে দিশৰ পৰা ব্যক্তি এজনে বাহ গছ সমূহ খোজ কাঢ়ি কঢ়িয়াই আনিছিল। অকস্মাৎতে সংঘটিত হোৱা দূৰ্ঘটনাত ৰন্তু দাসৰ মৃত্যুৱে অঞ্চলটিত শোকৰ ছাঁ পেলায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com