ডিমা হাচাওত অসম ডাচবৰ্ড এনালাইটিকেল ৰিভিউ অফ প্ৰজেক্ট মুকলি

ডিমা হাচাওত অসম ডাচবৰ্ড এনালাইটিকেল ৰিভিউ অফ প্ৰজেক্ট মুকলি
Published on

ডিমা হাচাও জিলাত দ্য আসাম ডাচবৰ্ড এনালাইটিকেল ৰিভিউ অৱ প্ৰজেক্ট এক্ৰ’ছ নেশ্যন পৰ্টেল বহু চৰকাৰী বিষয়াৰ উপস্থিতিত বুধবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে, জিলা খনৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাই। এই পৰ্টেলটি ৰাষ্ট্ৰীয় সুচনা বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা বিকশিত এটি বিশ্বাসযোগ্য কেন্দ্ৰ৷এই কেন্দ্ৰটিৰ যোগেদি চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত আঁচনি আৰু সেৱা সমূহৰ ওপৰত দৃষ্টি ৰাখিব ।

স্বচ্চ ভাৰত অভিযান,সাৰথী, এনএচএডি,ৰাষ্ট্ৰীয় গ্ৰামীণ বিভাগ আৰু প্ৰধানমন্ত্ৰী আবাস যোজনাৰ দৰে সাতটা বিভাগ তথা সেৱাক এই অভিযানত অন্তৰ্ভূক্ত কৰিছে ৷ইয়াৰ পিছত জিলা প্ৰশাসনৰ আৱশ্যকতা অনুসৰি আৰু অধিক সেৱা আৰু আঁচনিক পঞ্জীকৃত কৰিব ৷উপায়ুক্তৰ এই বৈঠকখনৰ সময়ত এনআইচি,ডিমা হাচাও জিলাৰ সামগ্ৰিক বিকাশ,নিৰ্বাচন আৰু লাইচেন্স শাখাৰ গতিবিধিক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান কৰে ৷ যাতে এই সমগ্ৰ বিষয়সমূহৰ ওপৰত দৃষ্টি ৰাখিব পাৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২০১৭ চনৰ ২৭ অক্টোবৰত অসম দৰ্পনৰ উদ্যোগত চিএম ডাচবৰ্ড মুকলি কৰিছিল ৷ইফালে, সম্পূৰ্ণ অসম দৰ্পন প্লেটফৰ্মটো ডিজিটেল ইণ্ডিয়াৰ অংশ হিচাপে ৰাষ্ট্ৰীয় সূচনা কেন্দ্ৰক ইলক্ট্ৰ’নিক এণ্ড ইনফৰমেশ্যন টেকন’ল’জিৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com