ড্ৰাগছ ব্যৱসায়ীক আটক চৰাইদেও আৰক্ষীৰ

ড্ৰাগছ ব্যৱসায়ীক আটক চৰাইদেও আৰক্ষীৰ
Published on

এক বিশেষ অভিযানৰ যোগেদি চৰাইদেও আৰক্ষীয়ে আৰু ভাৰতীয় আৰ্মী(চিআৰপিএফ)ৰ যুটীয়া অভিযানত যোৱা দেওবাৰে নিশা সোনাৰি আৰক্ষী থানাৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তৰ ওচৰ নামতোলা এলেকাৰ পৰা এজন আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে । কোনো গোপন তথ্যৰ সহায়ত খবৰ পোৱা অনুসৰি আৰক্ষীয়ে এজন যুৱকক নগালেণ্ডৰ পৰা আৰু দগৰাকী মহিলাক সোনাৰিৰ নামতোলাৰ পৰা আটক কৰে । আটক কৰা কেইগৰাকী চিনাক্ত কৰা অনুসৰি ক্ৰমে; পাংচুৱা কন্যাক(২৫), লীলা দত্ত(৫১),শ্ৰী কুমাৰী দত্ত(২৬) আৰু দুজন সন্দেহকাৰী ব্যক্তি ৰানা দত্ত আৰু বিমল দত্ত বৰ্তমান পলাতক ।

অভিযানকাৰী দলটোৱে ড্ৰাগছ ব্যৱসায়ীৰ পৰা ১০০গ্ৰাম ব্ৰাউন চুগাৰ,৭০০কেজিৰ গাঞ্জাৰ সৈতে ৪.৬৮ লাখ নগদ ধন জব্দ কৰে । ঘটনাটি ২২/১৮ তাৰিখে সোনাৰি সদৰ থানাত পঞ্জীয়ন কৰা হয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com