তিনিচুকীয়া জিলাত বহুমুখী দক্ষতা বিকাশ কেন্দ্ৰ মুকলি

তিনিচুকীয়া জিলাত বহুমুখী দক্ষতা বিকাশ কেন্দ্ৰ মুকলি
Published on

যোৱা বুধবাৰে তিনিচুকীয়া জিলাৰ পেঙেৰীত ফ্লেগ শ্বিপ প্ৰজেক্ট এটাই প্ৰায়োজিত কৰা ভাৰতীয় সেনাবহুমুখী দক্ষতা বিকাশ কেন্দ্ৰ এটি মুকলি কৰে । কেন্দ্ৰটোৱে পেঙেৰী অঞ্চলৰ যুৱ প্ৰজন্ম সকলক জীৱিকা নিৰ্বাহত সহায়ৰ বাবে সকলো ধৰনৰ প্ৰাসংগিকমুলক দক্ষতা বিকাশৰ প্ৰশিক্ষন প্ৰদান কৰা হ'ব ।দক্ষতা বিকাশ প্ৰদান কৰা হ'ব ইণ্ডিনিয়াৰচ মিডিয়া প্ৰাইভেট লিমিটেডৰ সৈতে । এই প্ৰজেক্ট তথা গৱেষনাটো প্ৰধান মন্ত্ৰী কুশল বিকাশ যোজনাৰ সৈতে শ্ৰেনীবদ্ধ কৰা হৈছে । বৰ্তমানলৈ পেঙেৰী অঞ্চলৰ লগতে ওচৰ চুবুৰীয়া গাঁও সমূহৰ পৰা মুঠ ১৫০জন ল'ৰা আৰু ছোৱালীয়ে এই দক্ষতা বিকাশ কেন্দ্ৰটিত অংশগ্ৰহন কৰিছে । প্ৰথমটো গোটত মুঠ ১২০গৰাকী ল'ৰা-ছোৱালীয়ে তিনিমাহত ছিলাই আৰু কম্পিউটাৰত প্ৰশিক্ষন গ্ৰহন কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com