দিন-দুপৰতে বেঙ্ক কৰ্মচাৰীক লুটপাত

দিন-দুপৰতে বেঙ্ক কৰ্মচাৰীক লুটপাত
Published on: 

নগাওঁ জিলাৰ আমবাৰীৰ সমীপৰ বঢ়মপুৰ বজাৰৰ ওচৰত মটৰচাইকেলত অহা এটা ডকাইতৰ দলে এগৰাকী মহিলা বন্ধন বেঙ্কৰ কৰ্মচাৰীৰ পৰা নগদ প্ৰায় ১.৫ লাখ টকা লুট কৰি নিয়ে।কৰ্মচাৰী গৰাকীয়ে চলচলী অঞ্চলৰ পৰা প্ৰিমিয়ম সগ্ৰহ কৰি বেঙ্কত টকা খিনি জমা কৰিবলৈ আহোতে ঘটনাতো ঘটে।মাধৱী বিশ্বাস নামৰ কৰ্মচাৰী গৰাকী স্কুটী চলাই বঢ়মপুৰ শাখালৈ আহি থাকোতে তিনিটা ডকাইতে বন্ধুক দেখুৱাই স্কুটীৰ বক্সত থকা টকাখিনি লুট কৰি লয় যায়।বিশ্বাসে নগাওঁ সদৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com