
শুকুৰবাৰে দিন জোৰা এক কাৰ্যসূচীৰে দুলীয়াজানৰ কাশৰীয়া বৰডুবিত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুস্থিত হৈ যায় । বৰডুবিৰ আমৰজ্যোতি ইংৰাজী বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা এই চকু চিকিৎসা শিবিৰত সহযোগিতা আগ বঢ়াই তিনিচুকীয়া জিলা লায়ন্স ক্লাবে ।এই শিবিৰত অঞ্চলটোৰ প্ৰায় ১৭১গৰাকী ৰোগীয়ে চকু পৰীক্ষা কৰাই ।।ইয়াৰে ৪৯গৰাকী ৰোগীক সম্পূৰ্ণ বিনামূলীয়াকৈ চকু অস্ত্ৰোপচাৰৰ বাবে লায়ন্স ক্লাৱে ডিব্ৰুগৰলৈ প্ৰেৰণ কৰিছে ।অন্যহাতেদি দুখীয়া ৰাইজৰ মাজত এনে ধৰণৰ শিবিৰ অনুষ্ঠিত কৰি সকাহ দিয়াৰ বাবে বৰডুবি বাসী ৰাইজৰ হৈ আমৰজ্যোতি বিদ্যালয়ৰ সকলো কৰ্মকৰ্তা আৰু পেৰা মেডিকেলৰ চিকিৎসক সকলক ধন্যবাদ জনাই এই দৰে কয় স্থানীয় লোকে ।