ধাৰাসাৰ বৰষুণে গতানুগতিক জীৱনৰ কৰ্মৰাজিত প্ৰভাৱ পেলাইছে ডিমৌ বাসীৰ

ধাৰাসাৰ বৰষুণে গতানুগতিক জীৱনৰ কৰ্মৰাজিত প্ৰভাৱ পেলাইছে ডিমৌ বাসীৰ
Published on

বিগত কেইবাদিনো ধৰি হোৱা ধাৰাষাৰ বৰষুণে ডিমৌ আৰু কাষৰীয়া অঞ্চলৰ লোকসকলৰ গতানুগতিক জীৱনত ব্যাপক প্ৰভাৱ পেলাইছে। ধাৰাসাৰ বৰষুণৰ কাৰণে প্ৰধানকৈ সমস্যাৰ সন্মুখীন হৈছে পথৰ কাষৰ বিক্ৰেতা,ব্যৱসায়ী আৰু দিন হাজিৰা কৰা লোকসকল ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা বানৰ কাৰনে পদযাত্ৰীসকল গম্ভীৰ সমস্যাৰ সন্মুখীন হৈছে ৷

দ্য চেন্টিনেলে এই সন্দৰ্ভত বিগত সময়ত পথটোৰ দুৰৱস্থা সন্দৰ্ভত বাতৰি প্ৰকাশ কৰি আহিছে । ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা শীতলা মন্দিৰৰ ওচৰত থকা বৃহৎ গাঁত সমূহৰ বিষয়ে দ্য চেন্টিনেলত বিতঙকৈ প্ৰচাৰ হোৱাৰ পিছত সেই গাঁতসমুহ থকা পথসমূহ মেৰামতি কৰা হয় ৷কিন্তু সম্প্ৰতি শীতলা মন্দিৰৰ কাষত পুনৰাই বৃহৎ গাঁত দেখা গৈছে ৷

বৰষুণৰ পানীয়ে সেই গাঁতসমূহ ভৰি পৰাৰ কাৰণে যানবাহন চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে পথচাৰীসকলৰ । এই মন্তব্য ডিমৌৰ এজন স্থানীয় ব্যক্তি কাৰ্তিক চন্দ্ৰৰ ৷ উল্লেখযোগ্য যে,সম্প্ৰতি স্থানীয় ব্যক্তিসকলে এই ক্ষেত্ৰত অনতি পলমে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান কৰিছে বিভাগীয় কৰ্তৃপক্ষক ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com