ধৰ্ষনৰ বলি হোৱা যুৱতীৰ আত্মহত্যা

ধৰ্ষনৰ বলি হোৱা যুৱতীৰ আত্মহত্যা
Published on

যোৱা দেওবাৰে সন্ধিয়া ঢেকিয়াজুলি আৰক্ষী চকীৰ অন্তৰ্গত বালিজান কাছাৰীত দুজন মটৰচাইকেল আৰোহী তথা যুৱকে দুগৰাকী নাবালিকক ধৰ্ষনৰ চেষ্টা চলাইছিল।জানিব পৰা মতে,নাবালিক দুগৰাকীয়ে বালিজান কাছাৰী গাঁওৰ পৰা ভঙা মন্দিৰ সমীপত বজাৰ কৰিবলৈ গৈছিল।নাবালিক দুগৰাকী উভতি অহাৰ সময়ত,যুৱক দুজন ক্ৰমে,ফনী থাপা আৰু কিশোৰ কইৰালায়ে দুয়োগৰাকীকে আহিবলৈ বাধা দিয়ে আৰু ধৰ্ষনৰ চেষ্টা চলায়।

দুয়োজনীৰ ভিতৰত এজনীয়ে নিজক বচাই পলাবলৈ সক্ষম হয় যদিও আনজনী ছোৱালী ধৰ্ষনৰ বলি হ'বলগা হয়।তাৰপিছত দেওবাৰে ৰাতি ধৰ্ষনৰ বলি হোৱা নাবালিক গৰাকীয়ে নিজ গৃহৰ শৌচালয়ত চিলিং ফেনত লাগি আত্মহত্যাৰ পথ বাচি লয়।পৰবৰ্ত্তী সময়ত শিঙৰি আৰক্ষীয়ে ছোৱালী জনীৰ মৃতদেহটো মৰোনত্তোৰ পৰীক্ষাৰ বাবে পঠিয়াই।ছোৱালী জনীৰ পিতৃ-মাতৃয়ে ঘটনা সন্দৰ্ভত বাকৰুদ্ধ হৈ পৰে।ঘটনাটিক লৈ স্থানীয় ৰাইজে এই নৃশংস ঘটনাক লৈ শিঙৰি আউটপোষ্টত ঘেৰাও কৰে লগতে ধৰ্ষনকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com