নগাঁও মহাবিদ্যালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন

নগাঁও মহাবিদ্যালয়ৰ প্লেটিনাম জয়ন্তী উদযাপন
Published on

নগাঁও মহাবিদ্যালয়ৰ প্লেটিনাম জয়ন্তীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহাবিদ্যালয় খনত উপস্থিত থাকি কয় যে শিক্ষাৰ অবিহনে এখন সমাজ,ৰাজ্য আৰু দেশ কেতিয়াও শক্তিশালী নহয়,সেইকাৰনে আমি সদায় শিক্ষাক অগ্ৰাধিকাৰ দিব লাগে।মহাবিদ্যালয় খনৰ প্ৰেক্ষাগৃহত অনুস্থিত সভাখনত মুখ্যমন্ত্ৰী জনে লগতে কয় মহাবিদ্যালয় খনে সাতটা দশক ধৰি নগাঁও জিলাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আহিছে।শিক্ষক আৰু শিক্ষাৰ্থীৰ সমন্নয়ে মহাবিদ্যালয় খন দেশৰ ভিতৰতে উচ্চ শিক্ষাৰ আগশাৰীৰ মহাবিদ্যালয় ৰূপে প্ৰতিস্থা লাভ কৰিছে।

প্লেটিনাম জয়ন্তী মহাবিদ্যালয় কৰ্তৃপক্ষই এক কোটি বিভিন্ন স্থানীয় ফল-মূলৰ লগতে ঔষধি গছ ৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।মুখ্যমন্ত্ৰী জনে মহাবিদ্যালয়ৰ পৰীক্ষাত সুন্দৰ ফলাফল আগবঢ়োৱা তিনিগৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনাই।অনুস্থানত ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা মন্ত্ৰী কেশৱ মহন্ত,বিধায়ক ৰূপক শৰ্মা,বিমল বৰা,মহাবিদ্যালয় খনৰ অধক্ষ্য ড° শৰৎ বৰকটকীৰ লগতে জিলা খনৰ গন্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com