নগাঁওত দুদিনীয়া ফিল্ম ফেষ্টৰ আয়োজন

নগাঁওত দুদিনীয়া ফিল্ম ফেষ্টৰ আয়োজন
Published on

যোৱা শনিবাৰে নগাঁওৰ খগেন মহন্ত প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে মিনষ্ট্ৰি অৱ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিংৰ অধীনত ফিল্ম ফেষ্টিভেল তথা ছবি মহোৎসৱৰ আয়োজন কৰা হয় ।

এই ছবি মহোৎসৱ অহা মহাত্মা গান্ধীৰ ১৫০বছৰীয়া জন্মবাৰ্ষিক উপলক্ষে আয়োজন কৰা হৈছে ।নগাঁও জিলা উপায়ুক্ত বিশ্বজিত পেগু আৰু ছবি পৰিচালক অৰুপ মান্নাই যুটীয়া ভাৱে যোৱা শনি বাৰে খগেন মহন্ত প্ৰেক্ষাগৃহত ছবি মহোৎসৱৰ শুভদ্ধোধনী কৰে । ইয়াৰোপৰি বহু কেইগৰাকী গন্য-মান্য ব্যক্তিৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে এই ছবি মহোৎসৱত অংশ গ্ৰহন কৰে ।

ছবি মহোৎসৱত বিভিন্ন বিষয়ৰ ওপৰত মুঠ চাৰি খনকৈ ছবি প্ৰদৰ্শিত কৰা হয় ।শনিবাৰে শ্যাম বেংগলৰ হিন্দীত 'মহাত্মা' আৰু অসমীয়া ভাষাত উৎপল বৰপূজাৰীৰ 'ইসু' প্ৰদৰ্শিত কৰা হয় আৰু দেওবাৰে ৰাজকুমাৰ হিৰানিৰ 'লাগে ৰাহো মুন্না ভাই' আৰু ইংৰাজী ভাষাত ৰিচাৰ্ড এটেনবৰাও 'গান্ধী' ছবি খন প্ৰদৰ্শিত কৰা হয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com