ৰাজ্যিক বাতৰি
নগাঁওত ১৪৪ ধাৰা বলবৎ
নগাঁও জিলা ন্যায়াধীশে বুধৰাৰে অতি জৰুৰীকালীন ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁওৰ অংশত ১৪৪ ধাৰা জাৰি কৰিছে।বানপানীৰ পাছত জীৱ-জন্তু সমূহ ৰাস্তাৰ কাষৰ ওখ অঞ্চললৈ আহোতে যাতে চোৰাং চিকাৰীৰ কবলত নপৰে তালৈ লক্ষ্য ৰাখি এই ধাৰা জাৰি কৰিছে।নগাঁও প্ৰশাসনে সংবাদ পত্ৰৰ যোগে উদ্যানৰ পথচোৱাত গাড়ীৰ গতিবেগ ঘন্টাত ৪০ কিলো মিটাৰতকৈ বেছি হব নোৱাৰিব বুলি জানিবলৈ দিয়ে ।লগতে কয় যে সেনা,আৰক্ষী,চিকিৎসা সেৱা আৰু বনবিভাগৰ ক্ষেত্ৰত এই নিয়ম লাগু নহয়।

