নগাঁৱৰ চকলাঘাট উঃ মাঃ বিদ্যালয়ত হাতে লিখা আলোচনী “প্ৰকৃতি” উন্মোচন 

নগাঁৱৰ চকলাঘাট উঃ মাঃ বিদ্যালয়ত হাতে লিখা আলোচনী “প্ৰকৃতি” উন্মোচন 
Published on

স্বাধীনোত্তৰ কালতে প্ৰতিষ্ঠা হোৱা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাৰিবেশিক শিক্ষা উন্নয়ন গোটৰ দ্বাৰা প্ৰকাশিত হাতেলিখা আলোচনী “ প্ৰকৃতি” খন আজি উন্মোচন কৰা হয় ৷ বিদ্যালয়ৰ সভাগৃহত তদুপলক্ষে বিয়লি ১বজাৰ পৰা অধ্যক্ষ ক্ষীৰোদ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত হাতে লিখা আলোচনী খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে "নপুৰ মোমাইদেউ" খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্যই ৷

সভাৰ সভাৰ উদ্দেশ্য বাখ্যাত উন্মোচিত আলোচনী খনৰ তত্বাবধায়িকা তথা বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী দিপ্তী বৰাই কয় যে ২০০৪ চনতে তদানিন্তন বিদ্যালয়ৰ অধ্যক্ষ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী আৰু সহ শিক্ষক শোনিত ৰঞ্জন হাজৰীকাৰ প্ৰযত্নত বিদ্যালয় ৰ পাৰিবেশিক শিক্ষা উন্নয়ন গোটটি গঠন কৰি বিদ্যালয়ৰ শিক্ষক সমাজৰ সহযোগত বিভিন্ন পাৰিবেশিক কাৰ্যসূচী ৰূপায়নৰ লগতে বিদ্যালয়ৰ চৌহদত ঔষধি গছৰ বাগিচা স্থাপন আদি গঠন মূলক কাম কৰি অহা হৈছে ৷

বিগত বৰ্যৰ পৰা এই গোটটোৰ জৰিয়তে প্ৰথম বাৰ শোনিত ৰঞ্জন হাজৰীকাৰ তত্বাবধানত "প্ৰকৃতি" নামেৰে এখন হাতেলিখা আলোচনী প্ৰকাশ কৰা হয় আৰু এইবেলি বিদ্যালয়ৰ ছাত্ৰদ্বয় বিৰাজ শইকীয়া আৰু যুগ্মজ্যোতি পাটৰক সম্পাদকৰূপে লৈ দ্বিতীয় প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে ৷ স্থানীয় বিশিষ্ট সমাজ কৰ্মী থানেশ্বৰ বৰা , দেৱ কুমাৰ বৰা , বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অকন চন্দ্ৰ বৰা , বিদ্যালয়ৰ উপাধাক্ষ্য গোপালদেৱ গোস্বামী , চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক কল্যাণ কুমাৰ বৰাকে ধৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ -ছাত্ৰী সকলে অংশ লোৱা গ্ৰাম্ভীৰ্যপূৰ্ণ সভাখনৰ আলোচনী উন্মোচকৰ ভাষনত বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্যই কয় যে বৰ্তমান প্ৰকৃতিৰ বুকুৰ পৰা যধেমধে সম্পদ সমূহ আহৰণ কৰি মানুহে নিৰ্মাণ কৰিছে প্ৰগতিৰ বিশাল স্তম্ভ ।

কিন্তু মানুহৰ এই কাৰ্যই প্ৰকৃতিক যে অসুস্থ কৰি তুলিছে তালৈ ভ্ৰূক্ষেপ নাই। পৃথিৱীখন কেৱল মানুহৰ বাবেই নহয়।ইয়াত অন্যান্য প্ৰাণী কুলৰও সমান অধিকাৰ আছে।আমাৰ অবিবেচনাৰ ফলত ইতিমধ্যে বহু প্ৰজাতি চিৰদিনৰ বাবে বিলুপ্ত হৈগৈছে।মানুহ সজাগ নহলে পৃথিৱীত প্ৰাণী জগতৰ সম্পূৰ্ণ বিলুপ্তলৈ বেছি দিন নালাগিব ৷ বিদ্যালয়ৰ অধ্যক্ষ ক্ষীৰোদ কুমাৰ বৰুৱাই শুভেচ্ছামূলক ভাষন আগবঢ়োৱা সভাখনত আন এগৰাকী সুবক্তা দেৱ কুমাৰ বৰাইয়ো ছাত্ৰ -ছাত্ৰীৰ উপযোগী হোৱাকৈ সাৰুৱা বক্তব্য ৰাখে ৷ সভাৰ আঁত ধৰে সহ শিক্ষক শোনিত ৰঞ্জন হাজৰীকাই ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com