নিৰ্বাচনৰ মাজতে ৰাজ্যত ৰঙালী বিহুৰ প্ৰস্তুতি

নিৰ্বাচনৰ মাজতে ৰাজ্যত ৰঙালী বিহুৰ প্ৰস্তুতি
Published on: 

সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলনে ২৫,২৬ আৰু ২৭ এপ্ৰিলত আয়োজন কৰিছে ৰঙালী বিহুৰ বিশেষ কাৰ্যসূচী ৷ এই সন্দৰ্ভত মনিন্দ্ৰ ডেকাক সভাপতি আৰু দীপক কলিতাক উপসভাপতি হিছাপে এখন কমিটি গঠন কৰা হয় ৷ ২৫ এপ্ৰিলত কমিটীৰ সভাপতি মনিন্দ্ৰ ডেকাই বিহুৰ পতাকা উদ্বোধন কৰিব।

ইফালে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব দাসৰ তত্ত্বাৱধানাত বিহুৰ সাংস্কৃতিক কাৰ্যসূচী উলিয়াব ৷ ইফালে বিয়লি মুকলি বিহু আৰু বিহুৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।

অন্যহাতে মধুপুৰটো দেওবাৰে ৰঙালী বিহুৰ কাৰ্যসূচী এদিনীয়াকৈ অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পতাকা উত্তোলনৰ পিছতে আৰম্ভ হয় স্মৃতি তৰ্পন। বিহু সন্মিলনীখনত অন্যান্য কাৰ্যসূচীৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা,মৌ কুঁৱৰী,ঢোল বাদন প্ৰতিযোগিতাৰ উপৰিও হুচৰি প্ৰদৰ্শন কৰা হয় ৷ লগতে, নিশালৈ এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com