নৰ্থ-বেংক কলেজৰ ছাত্ৰৰ পিঞ্চিপালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

নৰ্থ-বেংক কলেজৰ ছাত্ৰৰ পিঞ্চিপালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত
Published on

লক্ষীমপুৰ জিলাৰ ঢকুৱাখানাৰ উপ ডিভিজনৰ ঘিলামৰাৰ নৰ্থ-বেংক কলেজৰ ৫গৰাকী মেধাৱী ছাত্ৰই যোৱা বুধবাৰে লক্ষীমপুৰৰ আৰক্ষী পৰিদৰ্শক সুধাকৰ সিঙক মহাবিদ্যালয় খনৰ প্ৰধান শিক্ষক যুগল শইকীয়াৰ বিৰুদ্ধে উচিত ন্যায়ৰ বাবে এখন এজাহাৰ দাখিল কৰে।ছাত্ৰকেইজনে জুলাইৰ ১৪তাৰিখে পৰীক্ষাৰ ফলাফলত ষষ্ঠ ষান্মাসিকত আশা নকৰা নম্বৰ পোৱা বুলি অভিযোগ প্ৰদান কৰে।ছাত্ৰ কেইজন ক্ৰমে,প্ৰীতম জ্যোতি গগৈ,কুশাল লাহন,কুকিল দত্ত,জিন্তুমনি দত্ত আৰু ডেনি চেতিয়াই ৰাজ্যিক মুখ্যমন্ত্ৰীৰ লগতে লক্ষীমপুৰৰ জিলা উপায়ুক্তলৈ এখন অভিযোগনামা দাখিল কৰে আৰু উচিত ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ কৰে।

ভুক্তভোগী ছাত্ৰ কেইজনে সংবাদ মাধ্যমক জনোৱা অনুসৰি,ছাত্ৰ কেইজনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নৰ্থ-বেংক কলেজত বিএ ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাত দিছিল ,কিন্তু ১৪জুলাইত ফলাফল ঘোষণা কৰাত ছাত্ৰ কেইগৰাকীয়ে ফলাফল পায় হতাশ হৈ পৰে,কাৰন তেওঁলোকে মেজৰ ৰথা অনাৰ্চ বিষয়ৰ তৃতীয় পেপাৰ (পেপাৰ কোড:৬০৩,শিক্ষা ব্যৱস্থাপনা)ত ফেইল কৰে।সেয়ে তেওঁলোকে প্ৰধান শিক্ষক তথা পিঞ্চিপালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।কিন্তু এজাহাৰ দাখিল কৰাৰ পিছতো ঘিলামৰা আৰক্ষীয়ে পিঞ্চিপালৰ বিৰুদ্ধে কোনো ধৰনৰ এফআইআৰ লবলৈ মান্তি নহয়।সেয়ে যোৱা সোমবাৰে ছাত্ৰ কেইগৰাকীয়ে পুৱা ৬বজাৰ পৰা অন্নশন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com