পশ্চিম কাৰ্বি আংলংৰ খেৰণিত নিশা বন্য হস্তীৰ তাণ্ডৱ

পশ্চিম কাৰ্বি আংলংৰ খেৰণিত নিশা বন্য হস্তীৰ তাণ্ডৱ
Published on

পশ্চিম কাৰ্বি আংলংৰ খেৰণি বন বিভাগৰ অধীনত প্ৰি'ল অঞ্চলত যোৱা নিশা প্ৰায় ১২.৩০ মান বজাত বন্য - হস্তীয়ে এটা বাস গৃহ আৰু ধানৰ মিলৰ লগতে এখন দোকান সম্পূৰ্ণ ভাৱে লণ্ড ভণ্ড কৰি তাণ্ডৱ চলায়।উল্লেখ্য যে যোৱা নিশা খাদ্যৰ সন্ধানত ওলায় অহা বন্য- হস্তীয়ে প্ৰথমে মনসিং টিছৰ ঘৰৰ চোতালত উপস্হিত হৈ ঘৰ খনৰ বেৰ খন ভাঙিব ধৰে। হাতীৰ উপস্থিতি উমান পাই উক্ত শুৱনি কোঠাৰ পৰা পলাই সৰি কথমপী প্ৰাণ ৰক্ষা কৰে। ইয়াৰ পাছত হাটীটোৱে উক্ত স্থান ত্যাগ কৰি পুনৰ মনসিং বেৰ ধান - মিলৰ বেৰ ভাঙি মিলিত প্ৰৱেশ কৰি তাত থকা তুহু গুড়িৰ বস্তা বাহিৰিলৈ আনি তুহু গুড়ি ভক্ষণ কৰি শান্ত নাথাকি মিল খনৰ মুখতে থকা বিক্ৰম ডেৰা নামৰ লোক জনৰ গেলামাল দোকানৰ গুদাম ঘৰৰ পকী ৱাল খন ভাঙি সম্পূৰ্ণ ভাবে লণ্ড ভণ্ড কৰি গুচি যায়। এই ঘটনা কেন্দ্ৰ কৰি প্ৰি'ল অঞ্চলৰ ৰাইজৰ মাজত এক আতংক মই পৰিবেশ বিৰাজ কৰিছে। আনহাতে এই দৰে খেৰণি অঞ্চলত প্ৰায় সময়তে বন্য- হস্তীৰ উপদ্ৰপত স্থানীয় গাঁও অঞ্চলৰ ৰাইজে নিশা উজাগৰে পাৰ কৰিব লগাত পৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com