পাকিস্তানী নৌসেনাৰ জিম্মাত অসমৰ মেৰাপানীৰ যুবক

পাকিস্তানী নৌসেনাৰ জিম্মাত অসমৰ মেৰাপানীৰ যুবক
Published on

অসমৰ মেৰাপানী আৰক্ষী চকীৰ অন্তৰ্গত নৱগ্ৰাম গাওঁৰ চিমন শইকীয়া নামৰ এজন ৩৩ বৰ্ষীয় যুবক মৎস চিকাৰৰ বাবে গৈ পাকিস্তানী নৌবাহিনীৰ হাতত বন্দী হব লগা হৈছে। বন্দী হোৱা চিমন শইকীয়াই গুজৰাটৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত দুবছৰৰো অধিক কাল ধৰি কাম কৰি আছিল।

পৰিয়ালৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি চিমনে তেওঁৰ কেইজনমান সহযোগীৰ সৈতে ২৭ নৱেম্বৰত সাগৰত মাছ ধৰাৰ বাবে ওলাই গৈছিল কিন্তু দুৰ্ভাগ্যবসত তেওঁলোকে ভাৰত আৰু পাকিস্তানৰ মাজত থকা জল সীমা অতিক্ৰম কৰি পাকিস্তানৰ জলভাগত প্ৰবেশ কৰিছিল। পাকিস্তানী পহৰাদাৰী নৌসেনা বাহিনীৰ দল এটাই চিমন শইকীয়া সহিতে দলটোক আটক কৰে। চিমন শইকীয়াৰ পৰিয়াল বৰ্গই মেৰাপানী আৰক্ষী চকীত এই সম্পৰ্কে এখন

এজাহাৰ দাখিল কৰিছে আৰু ভাৰত চৰকাৰক শীঘ্ৰে চিমনক পাকিস্তানী নৌসেনা বাহিনীৰ হাতৰ পৰা মুকলি কৰি অনাৰ বাবে আবেদন কৰিছে।

অঞ্চলটোৰ বিভিন্ন দল সংগঠন আৰু সামাজিক সংস্থাইয়ো চিমনক সোনকালে পাৰিস্তানৰ হাতৰ পৰা উদ্ধাৰ কৰি আনিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com