পুত্ৰৰ অৱজ্ঞাত পিতৃ-মাতৃৰ আত্মহত্যা

পুত্ৰৰ অৱজ্ঞাত পিতৃ-মাতৃৰ আত্মহত্যা
Published on: 

এহাল বয়জ্যোষ্ঠ দম্পত্তীয়ে পুত্ৰ-বোৱাৰীৰ অৱজ্ঞা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লোৱা ঘটনাই এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ শিৱসাগৰ জিলাত।চিনাক্ত কৰনৰ অনুসৰি দম্পত্তী হালৰ নাম ক্ৰমে ৰজনী খাৰঘৰীয়া আৰু ৰূবী খাৰঘৰীয়া।যোৱা দেওবাৰে এ টি ৰ'ডৰ ভাড়া ঘৰত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত্যুৰ পূৰ্বে তেওঁলোকে বেলেগ বেলেগ মানুহৰ নামত পাচঁ খনকৈ আত্মহত্যাৰ নোট লিখি থৈ যায়।আৰক্ষীৰ অভিযানত এই আত্মহত্যাৰ নোট কেইখন উদ্ধাৰ হয়,আত্মহত্যাৰ নোট কেইখন তেওঁলোকৰ সৰু জীয়েক,ভাড়াঘৰৰ মালিক আৰু ভাড়াতীয়া,শিৱসাগত আৰক্ষী থানা,আঞ্চলিক বাতৰি টিভি চেনেল আৰু অসমীয়া দৈনিক বাতৰি কাকতৰ বাবে বিশেষ ভাৱে লিখি থৈ যায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com