পেলনীয়া বৰ্জন সামগ্ৰী স্তুপত পৰিনত হ’ল গোলাঘাট চহৰ

পেলনীয়া বৰ্জন সামগ্ৰী স্তুপত পৰিনত হ’ল গোলাঘাট চহৰ
Published on: 

বৰ্তমান সময়ত যেতিয়া গোলাঘাট জিলা প্ৰশাসনে স্বচ্ছ ভাৰত অভিযানৰ নামত স্বচ্ছতাৰ বাবে কাম কৰি আছে তেনে সময়তে গোলাঘাট জিলাই পথৰ কাষত জাৱৰৰে ভৰপূৰৰ এখন বিপৰীতমুখী ছবি দেখোৱাইছে।কিন্তু এই সময়লে গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাট পৌৰ সভা বৰ্ডে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন কৰা নাই।চহৰ খন বৰ্জন জাৱৰৰে ভৰি পৰা পৰিলক্ষিত হৈছে যাৰ ফলাফল স্বৰূপে চহৰ খনৰ চাৰিওপাশ অস্বাস্থ্যকৰ পৰিৱেশলৈ ঢাল খোৱা পৰিলক্ষিত হৈছে।

ইয়াৰ বাবে গোলাঘাট জিলাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি অংশুমান বৰুৱা আৰু বিশ্বজিত গগৈৰ নেতৃত্বত এটা সজাতি দলে গোলাঘাট নগৰৰ পৌৰপতি আৰু জিলা খনৰ উপায়ুক্তক সাক্ষাৎ কৰি নগৰৰ বিভিন্ন অঞ্চলত থকা জাৱৰৰ দম সমূহ পৰিস্কাৰ কৰিবলৈ দাবী উত্থাপন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com