প্ৰতিবাদত নামিল কটনিয়ান:কটন বিশ্ববিদ্যালয়ক প্ৰবঞ্চনাৰ প্ৰতিবাদত ৪৮ ঘণ্টীয়া ধৰ্মঘট অৱস্থান

প্ৰতিবাদত নামিল কটনিয়ান:কটন বিশ্ববিদ্যালয়ক প্ৰবঞ্চনাৰ প্ৰতিবাদত ৪৮ ঘণ্টীয়া ধৰ্মঘট অৱস্থান
Published on

প্ৰতিবাদত নামিল কটনিয়ান|কটন বিশ্ববিদ্যালয়ক প্ৰবঞ্চনাৰ প্ৰতিবাদত ৪৮ ঘণ্টীয়া ধৰ্মঘট অৱস্থান।উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি ব্ৰজেন ফুকনে কয় কটন বিশ্ববিদ্যালয় বিভিন্ন সমস্যাৰে জৰ্জৰিত। ২০১৭ চনতে কটন মহাবিদ্যালয়ে বিশ্ব বিদ্যালয় হিচাপে স্বীকৃতি পায় যদিও ২০২১তহে নাক (naac) ৰ দ্বাৰা বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি পাব। এই কেইবছৰ বিশ্ব বিদ্যালয়খন চলিবৰ বাবে চৰকাৰে অনুদান দিয়া দিয়াৰ কথা আছিল যদিও আজিলৈকে দিয়া নাই। কলেজখনত বৰ্তমান ৩৫০০ গৰাকী ছাত্ৰী অাছে কিন্তু সেই নিমিত্তে ছাত্ৰীৰ বাবে পৰ্যাপ্ত পৰিমাণে আৱাস গৃহ নাই। কলেজত চিকিৎসালয় আছে কিন্তু যদিও ডাক্তৰ নাই। এজন ফাৰ্মাচীতে সকলো চাই আৰু ১ টা বজাৰ পিছত তেওঁ উপস্থিত নাথাকে।

আনহাতে বিশ্ববিদ্যালয়খনৰ কম্পিউটাৰ বিভাগ, গণসংযোগ আৰু সাংবাদিকতা বিভাগ আৰু জৈৱ-প্ৰযুক্তিবিদ্যা বিভাগ চৰকাৰী অনুমোদিত নোহোৱাৰ বাবে বিভাগ তিনিটাত অধ্যয়ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যথেষ্ট ব্যয়বহুল হয় বুলিও তেওঁ জানিবলৈ দিয়ে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com