চিটী বাছ চালক সন্থাৰ বুধবাৰে কৰা ধৰ্মঘটৰ পিছতে চিটী বাছ এছ’চিয়েশ্যনে জিলা পৰিবহন বিষয়াৰ (DTO) লগত এখন বৈঠক অনুষ্ঠিত কৰে ৷ আৰু ৪ টা দাবী উত্থাপন কৰে ৷লগতে এছ’চিয়েশ্যনে মন্তব্য কৰে যে হেণ্ডিমেন সকলৰ অনুপস্থিতি দুৰ্ঘটনা সংঘটিত হ’ব পাৰে ৷ লগতে চিটী বাছ সমূহত ড্ৰাইভাৰৰ ফ’টো লগোৱা প্ৰক্ৰিয়াটো নিৰৰ্থক কাৰণ,কামত নিযুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত সকলো প্ৰয়োজনীয় নথি পত্ৰ জমা দিয়ে তেওঁলোকে ৷
অন্যহাতে, বাছ আস্থানসমূহত ৰ’ব লগা সময় সন্দৰ্ভত কয় যে,ব্যক্তিগত বাহনসমূহে আস্থানসমূহত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব ৷ এই সকলোবোৰ তথ্যৰে পাঞ্জাবাৰী চিটী বাছ সংস্থাৰ সভাপতিক জনোৱা হয়। উল্লেখ্য যে,দুদিনীয় ধৰ্মঘটৰ কাৰ্যসূচী বাছ ড্ৰাইভাৰ সকলে যুটীয়া ভাৱে অনুস্থিত কৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি