পৰ্যটকৰ সুবিধাৰ্থে মাজুলীত নতুন ফেৰী সেৱা

পৰ্যটকৰ সুবিধাৰ্থে মাজুলীত নতুন ফেৰী সেৱা
Published on

আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা যোৰহাটৰ নিমাতীঘাটলৈ পৰ্যটক সকলৰ বাবে প্ৰদান কৰা নতুন ফেৰী সেৱা উদ্ধোধন কৰে,এই কথা সদৰী কৰে ভাৰতীয় আভ্যন্তৰীণ জলপৰিবহন কৰ্তৃপক্ষই।

চাৰিখনকৈ নতুন ফেৰী সেৱাৰ প্ৰতি খন।ফেৰীয়ে ২০০-৫০০জন যাত্ৰী কঢ়িয়াব পাৰিব।এই সুবিধাই নিশ্চিত ভাৱে মাজুলীৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিব বুলি মত প্ৰকাশ কৰে মাজুলীৰ পৰিবহনকাৰী মনোজ বড়াই।

উদ্ধোধনী অনুষ্ঠান খন কমলাবাৰী ঘাটত আলিমুৰ মিচিং গাওঁ য'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আন বহু কেইজন মন্ত্ৰী আৰু ভিন্ন বিভাগৰ প্ৰধানৰ সহযোগত অনুষ্ঠিত হয়।সভাৰ পিছত মুখ্যমন্ত্ৰী সোণোৱালে মাজুলীৰ নিমাতীঘাটৰ পৰা বিদায় লৈ নিশা যোৰহাটৰ আবৰ্ত্ত ভৱনত কটাব বুলি জানিব পৰা যায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com