বকোত দুডালকৈ কেকোঁ সাপ উদ্ধাৰ

বকোত দুডালকৈ কেকোঁ সাপ উদ্ধাৰ
Published on

যোৱা বৃহস্পতিবাৰে কামৰূপ জিলাৰ বকোত বকো আৰক্ষীয়ে প্ৰায় বিলুপ্ত প্ৰজাতিৰ দুডাল কেকোঁ সাপ উদ্ধাৰ কৰে লগতে দুজন চোৰাং তথা কেকোঁ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে ।গ্ৰেপ্তাৰ কৰা ধৃত লোক দুজন ক্ৰমে; জহৰুদ্দিন আৰু মইনুল হক । পিছত, আৰক্ষীয়ে কেকোঁ দুডালক বন বিভাগৰ হাতগ গতাই দিয়ে ।বকো আৰক্ষী থানাৰ আৰক্ষী অধিকাৰী জগেন্দ্ৰ বৰ্মনে মত প্ৰকাশ কৰে যে,আৰক্ষীয়ে এই ব্যৱসায়ৰ লগত জড়িত দলটোৰ সকলোকে গ্ৰেপ্তাৰ কৰিন লগতে তদন্ত অব্যাহত ৰাখিব বুলি কথা দিয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com