বকোত শোকাবহ পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু

বকোত শোকাবহ পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু
Published on

বকো আৰক্ষী চকীৰ সমীপৰ কেন্দুগুৰিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত দুজন লোকৰ ঘটনাস্থলীতে কৰুণ মৃত্যু ঘটে।বকো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোগেন্দ্ৰ বৰমণে জনোৱা মতে WB02G 3864 নম্বৰৰ এখন মাৰুটি-৮০০ গাড়ী গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল আৰু গাড়ীখনে ৰাস্তাৰ কষত ৰখাই থোৱা বালী ভৰ্তি ট্ৰাক এখনত প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত মাৰুটি খনত থকা লুথিন জি মোমিন আৰু ৰেকুনা ডি চাংমাইৰ নামৰ দম্পত্তি হালৰ থিতাতে মৃত্যু হয় আনহাতে মৃত দম্পত্তী হালৰ দুই কন্যা সন্তান গুৰুতৰ ভাবে আহত হয়। আহত দুই কন্যা সন্তানক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। দৰংগিৰিৰ খাৰখুতাৰ দুৰ্ভগীয়া পৰিয়ালটো শ্বিলঙলৈ যাত্ৰা কৰি আছিল।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com