বকোত স্থানীয় পনীয়া দ্ৰব্য জব্দ আৰু ধ্বংস

বকোত স্থানীয় পনীয়া দ্ৰব্য জব্দ আৰু ধ্বংস
Published on

কামৰূপ জিলাৰ বকো এলেকাত দূৰ্গা পূজাৰ সময়ত ১,০০০ লিটাৰ পনীয়া মাদক দ্ৰব্য জব্দ কৰি ধ্বংস কৰে । বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত কৰ্মকৰ্তা জগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত হোটেল আৰু দোকান সমূহত স্থানীয় পনীয়া দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলায় । ভাৰপ্ৰাপ্ত কৰ্মকৰ্তা জগেন্দ্ৰ বৰ্মনে মত প্ৰকাশ কৰি কয় যে,অভিযান চলোৱাৰ বাবে বকো আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত দূৰ্গা পূজাৰ সময়ত কোনো ধৰনৰ পথ দূৰ্ঘটনা সংঘটিত হোৱা নাই ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com