বড়ো সকলক এচ টি(এইচ)মৰ্যদা দিয়াৰ তীব্ৰ বিৰোধিতা ছাত্ৰ সংগঠানৰ

বড়ো সকলক এচ টি(এইচ)মৰ্যদা দিয়াৰ তীব্ৰ বিৰোধিতা ছাত্ৰ সংগঠানৰ
Published on

অসমৰ বড়ো সকলক বিশেষ পাহাৰীয়া জনজাতিৰ মৰ্যদা প্ৰদানৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে কেইবাটাও ছাত্ৰ সংগঠনে। ডিমা হাচাও আৰু কাৰ্বি আংলঙৰ ছাত্ৰ সংগঠন ডিমাচা ছাত্ৰ সন্থা, হমাৰ ছাত্ৰ সংস্থা, কাৰ্বি ছাত্ৰ সন্থাই বড়ো সকলক চৰকাৰে বিশেষ পাহাৰীয়া জনজাতিৰ মৰ্যদা দিয়া সিদ্ধান্তৰ বিৰোধিতা কৰি চৰকাৰে সময় থাকোতে এই সিদ্ধান্ত মনৰ পৰা ত্যাগ কৰাৰ বাবে আহ্বান জনাই। ছাত্ৰ সংগঠন কেইটাই চৰকাৰক ভবিষ্যতে ইয়াৰ বিপৰীতে তীব্ৰ প্ৰতিৰোধ গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে।

সোমবাৰে হাফলঙত থকা ডিমাচা ছাত্ৰ সন্থাৰ কাৰ্য্যলয়ত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি ছাত্ৰ সংগঠনকেইটাৰ প্ৰতিনিধিসকলে এই কথা প্ৰকাশ কৰে। ছাত্ৰ সংগঠন কেইটাই চৰকাৰক এই বিধেয়ক কাৰ্য্যকৰী নকৰাৰ বাবে আহ্বন জনাই আৰু কয় আমি কোনো সম্প্ৰদায় বা জাতিৰ বিৰোধী নহয় কিন্তু বড়ো সকলক বিশেষ পাহাৰীয়া জনজাতিৰ মৰ্যদা প্ৰদান কৰিলে পাহাৰত বসবাস কৰি অহা জনজাতি সমূহৰ সামাজিক জীৱন বিপন্ন হৈ পৰিব।সংগঠনকেইটাৰ সন্মিলিত নেতৃবৃন্দই ডিমা হাচাও আৰু কাৰ্বি আংলঙৰ জনসাধাৰকো চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ বাবে আহ্বান জনায়।অসমত নিজৰ প্ৰাপ্য দাবীৰে বড়ো সকলে আন্দোলন কৰি অহাৰ সময়ত বড়ো সকলৰ কিছুমান দাবীক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু অন্যান্য জনজাতীয় ছাত্ৰ সন্থাই বিৰোধিতা কৰি আহিছে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com