বদৰুদ্দিন আজমলৰ আচৰণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ

বদৰুদ্দিন আজমলৰ আচৰণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ
Published on

অসমৰ সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এআইইউডিএফৰ ফলাফলত হতাশ কৰি হৈ পৰিছে দলটোৰ সভাপতি বদৰুদ্দিন আজমল।ৰাজ্যৰ অন্য প্ৰান্তটো বাদেই নিজৰ গৃহ সমষ্টতে দলটোৰ শোচনীয় প্ৰদৰ্শনত বদৰুদ্দিন আজমল উন্মাদ হৈ পৰিছে। নেতা গৰাকীৰ এই উন্মাদনাৰ বহিপ্ৰকাশ ঘটিল সংবাদ মাধ্যমৰ কৰ্মীৰ ওপৰত। বুধবাৰে মানকাছাৰ জিলাৰ দক্ষিণ শালমাৰা অঞ্চলত অনুষ্ঠিত এখন সংবাদ মেলত সংবাদ কৰ্মী সকলৰ ওপৰত অভব্য আচৰণৰ কৰিলে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে।

সংবাদ মেল খনত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ক্ষোভত ফাটি পৰে আজমল। সাংবাদিকে ব্যাবহাৰ কৰা স্বৰগ্ৰহণকাৰী সজুলী পৰ্য্যন্ত হাতেৰে দলিয়াই সাংবাদিকৰ বিৰুদ্ধে আপত্তিকৰ আৰু অগনতান্ত্ৰিক শব্দ প্ৰয়োগ কৰে আজমলে। নেতা গৰাকীৰ এই অমাৰ্জিত আচৰণ আৰু সাংবাদিকক কৰা দুৰ্ব্যাৱহাৰৰ বিৰুদ্ধে এতিয়া সমগ্ৰ ৰাজ্য জুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে। বদৰুদ্দিনৰ এই আচৰণত ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন।অসমৰ সাংবাদিক সংস্থাৰ তৰফৰ পৰা আজমলৰ বিৰুদ্ধে মোকৰ্দমা তৈয়াৰ কৰা হৈছে। বৃহস্পতি বাৰে আজমল কাণ্ডৰ বিৰুদ্ধে সেচ্ছাৰ হৈ পৰে সংবাদ মাধ্যমৰ লগত জড়িত বিভিন্ন সংস্থা সমূহ।

উল্লেখযোগ্য যে এজন সাংবাদিকে আজমলক প্ৰশ্ন কৰিছিল তেওঁৰ দলে লোকসভাত কংগ্ৰেছ নে বিজেপি কাৰ লগত মিত্ৰতা কৰিব? এই প্ৰশ্নই আজমলক ক্ৰোধান্বিত কৰি তোলে। সাংবাদিকক প্ৰাণে মৰাৰো ভবুকি প্ৰদান কৰিছিল বদৰুদ্দিন আজমলে। এজন জনপ্ৰতিনিধি হিচাপে আজমলৰ এই আচৰণত বিভিন্ন মহল অতি ক্ষুণ্ন হৈ পৰিছে। আজমলৰ এই আচৰণৰ বিৰোধিতাৰে সাংবাদিক সংস্থাই মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিছে। টেলিভিছন সাংবাদিক সংস্থাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি কয় যে আজমলৰ এই আচৰণ অতি হতাশ জনক, ৰাজ্যৰ সাংবাদিক সকলে অতি কষ্ট কৰি আৰু সততাৰে খবৰ সংগ্ৰহ কৰে, তেনে ক্ষেত্ৰক এজন জন প্ৰতিনিধিৰ এনে দুৰ্ব্যৱহাৰ কেতিয়াও ক্ষমা কৰি দিয়া নহ'ব। আজমলৰ ডুবাইত থকা সম্পতিৰেও তেওঁ সাংবাদিকৰ সততাক কিনিব নোৱাৰিব বুলি এজন প্ৰতিবাদকাৰী সাংবাদিকে মন্তব্য কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভটাচাৰ্য্যই আজমল কাণ্ডৰ সন্দৰ্ভত কয় যে এয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৰা আঘাত, আজমলক গৰিহনা প্ৰদান কৰি কয় যে এনে কাৰ্য্য কোনো পধ্যেই মানি লোৱা নহব।বদৰুদ্দিন আজমলে কেবল ৰাজহুৱা ক্ষমা খুজিলেই নহব। ক্ষমা শব্দটোক আজমলে অপমানহে কৰিব বুলি আছুৰ মূখ্য উপদেষ্টা গৰাকীয়ে কয়। সদৌ অসম ছাত্ৰ সন্থাৰ উপৰিও কংগ্ৰেছেও আজমলৰ আচৰণৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসম ৰাজ্যিক বিজেপি আৰু অসম গণ পৰিষদে এই ক্ষেত্ৰত কেনেধৰণৰ মন্তব্য প্ৰকাশ কৰে সেয়া লক্ষ্যণীয় হব।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com