বন্যহস্তীৰ তাণ্ডৱত অতিষ্ঠ বঢ়মপুৰৰ ৰাইজ

বন্যহস্তীৰ তাণ্ডৱত অতিষ্ঠ বঢ়মপুৰৰ ৰাইজ
Published on: 

নগাঁও জিলাৰ বঢ়মপুৰৰ বৰটোপ গাওঁৰ ৰাইজ বন্যহস্তীৰ তাণ্ডৱত নিদ্ৰা বিহিন ৰজনী পাৰ কৰিবলগীয়া হৈছে।খাদ্যৰ সংকটত ভূগা বন্যহস্তীসমূহ খাদ্য বিচাৰি অহা হাতীৰ এটা বৃহৎ দল বৰটোপ গাওঁত প্ৰৱেশ কৰি এফালৰ পৰা বাসগৃহসমূহ ভাঙি তহিলং কৰে।গাওঁবাসীয়ে প্ৰাণৰ মমতাত ঘৰ এৰি সুৰক্ষিত ঠাইত আশ্বয় লয়গৈ।গাওঁবাসীয়ে হাতীৰ দলটোক খেদাৰ চেষ্ঠা কৰে যদিও বিফল হয়।৩ টা বাসগৃহ হস্তীৰ দলটোৱে ভাঙি লণ্ড-ভণ্ড কৰে। অঞ্চলটোত দীৰ্ঘদিন ধৰি হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com