বিগত চাৰিবছৰত গুৱাহাটী মহানগৰীত দুৰ্ঘটনাৰ সংখ্যাই সুৰক্ষিত কৰিবনে ভৱিষ্যত প্ৰজন্মক?

বিগত চাৰিবছৰত গুৱাহাটী মহানগৰীত দুৰ্ঘটনাৰ সংখ্যাই সুৰক্ষিত কৰিবনে ভৱিষ্যত প্ৰজন্মক?

সাম্প্ৰতিক সময়ত মহানগৰীত যাতায়তৰ ক্ষেত্ৰত এক বৃহৎ প্ৰশ্ন, গুৱাহাটী মহানগৰীত যাতায়ত কিমান সুৰক্ষিত ? এই প্ৰশ্নৰ অৱতাৰণাৰ সময়তে ২০১৮ চনত ২৪৭ টা দুৰ্ঘটনাত বহুজনে প্ৰাণ ত্যাগ কৰাৰ কথা পোহৰলৈ আহিছে ৷ গতিকে ভৱিষ্যত প্ৰজন্মৰ জীৱন সম্পত্তি যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে সমাজৰ সকলো বৰ্গৰ লোক সজাগ হৈ পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷ আশ্চৰ্য্যজনক কথা এয়ে যে বিগত চাৰিটা বৰ্ষত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত ১১১২ টা কেছ দাখিল হৈছে ৷

২০১৮ বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুৰ্ঘটনাৰ কেছ দাখিল হয় ৫১৮ টা, ইয়াৰে ১৫৭ জন প্ৰাণহানি হয়,১৬৭ জনৰ মৃত্যু হয় আৰু ৩৩২ জন আহত হয় । ৰাজ্যিক ঘাইপথসমূহৰ ৩৪৩ টা কেছ দাখিল কৰা হয়,ইয়াৰে ৬৭ লোকৰ প্ৰাণহানি হয়,৬৮ জন লোকৰ মৃত্যু হয়,২৭৯ লোক আহত হয় । আৰু অন্যান্য পথসমূহত হোৱা দুৰ্ঘটনাৰ ১৯০ টা কেছ দাখিল হয় ।য’ত ২৩ লোকৰ প্ৰাণহানি হৈছিল,২৩ লোকৰ মৃত্য হয়, ১৬৪ লোক আহত হয় ৷ ইফালে, ২০১৮ চনত ১০৫১ টা কেছ দাখিল কৰে,ইয়াৰে ২৪৭ জন লোকৰ প্ৰাণহানি হয়, ২৫৮ জন লোকৰ মৃত্যু হয়, আৰু ৭৭৫ জন লোক আহত হয় ৷

অন্যহাতে ২০১৭ বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ৪৩০ টা কেছ দাখিল কৰে৷ ইয়াৰে ১৫৫ জন লোকৰ প্ৰাণহানি হয়,১৭০ জন লোকৰ মৃত্যু হয়,৩০২ জন লোক আহত হয় ৷ ইফালে ৰাজ্যিক ঘাইপথসমূহত ৩৫২ টা কেছ দাখিল হয়। য’ত ৬৬ জনৰ প্ৰাণহানি হয়,৬৯ জনৰ মৃত্যু হয় আৰু আহত হয় ৩০৩ জনৰ ৷ অন্যান্য পথসমূহৰ দুৰ্ঘটনাত ১৯৫ টা কেচ দাখিল হয়,ইয়াৰে ৩৫ জনৰ প্ৰাণহানি হয়,৪০ জনৰ মৃত্যু হয় আৰু ১৫০ জনৰ আহত হয়। ২০১৭ চনত মুঠতে ৯৭৭ টা কেছ দাখিল হয়,ইয়াৰে ২৫৬ জনৰ প্ৰাণহানি হয় , ২৭২ জনৰ মৃত্যু হয় আৰু ৭৫৫ জন আহত হয় ৷

২০১৬ চনত ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুৰ্ঘটনাৰ ৪৭৭ টা কেছ দাখিল হয় ৷ ইয়াৰে ১৩৪ জনৰ প্ৰাণহানি হয়,মৃত্যু হয় ১৪৫ জন,আৰু আহত হয় ২৭২ জনৰ, আনহাতে,ৰাজ্যিক ঘাইপথত প্ৰায় ৪০১ টা কেছ দাখিল হয়, য’ত ৯৩ জনৰ প্ৰাণহানি হয়,৯৫ জনৰ মৃত্যু হয় আৰু আহত হয় ৩২৯ জনৰ ৷ইফালে অন্য পথৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত ২২৪ টা কেছ দাখিল হয় ৷ইয়াৰে ৩১ জন লোকৰ প্ৰাণহানি হয়,৩২ জনৰ মৃত্যু হয় আৰু ২২০ জন আহত হয়।

২০১৫ চনত ৰাষ্ট্ৰীয় ঘাইপথত হোৱা দুৰ্ঘটনাৰ কেছ দাখিল হয় ৪৮২ টা,য’ত ১৫২ জনৰ প্ৰাণহানি হয়,মৃত্যু হয় ১৭৮ জনৰ আৰু আহত হয় ৪৬১ জনৰ ৷অন্যহাতে ৰাজ্যিক ঘাইপথৰ দুৰ্ঘটনাত ৪১৪ টা কেছ দাখিল হয় ৷ইয়াৰে ৭৪ জনৰ প্ৰাণহানি হয়,৭৭ জনৰ মৃত্যু হয় আৰু আহত হয় ৩৮৮ জনৰ ৷ অন্য পথ দুৰ্ঘটনাত ২৬০ টা কেছ দাখিল হয় ৷ইয়াৰে ৪৩ জনৰ প্ৰাণহানি হয়,৪৮ জনৰ মৃ্ত্যু হয়, ২২২ জন আহত হয় ৷ এই সময়ত মুঠ ১১৫৬ কেছ দাখিল হয় ৷য’ত ২৬৯ জনৰ প্ৰাণহানি হয়,৩০৩ হয় মৃত্যু হয় আৰু ১০৭১ জনৰ আহত হয় ৷

উল্লেখযোগ্য যে বিগত চাৰি বছৰত ৪২২৬ টা দুৰ্ঘটনাৰ কেছ দাখিল হয় , আৰু ইয়াৰে ১০৩০ জনে দুৰ্ঘটনাত প্ৰাণত্যাগ কৰে ,১১১২ জনৰ মৃত্যু হয় আৰু আহত হয় ৩৪২২ জনৰ ৷ গতিকে পথৰ নিয়ম সমূহৰ লগতে যানবাহনৰ নিয়মসমূহ যথাযথ ৰূপে পালন কৰিলেই পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাব ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com