বিজেপিৰে পুনৰ মিত্ৰতা অগপৰ সিদ্ধান্ত নাছিল: প্ৰফুল্ল কুমাৰ মহন্ত

বিজেপিৰে পুনৰ মিত্ৰতা অগপৰ সিদ্ধান্ত নাছিল: প্ৰফুল্ল কুমাৰ মহন্ত
Published on

আজি দিছপুৰৰ হোটেল ৰাজধানী ৰিজেঞ্চিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল। সংবাদমেলত পুনৰ অগপ আৰু বিজেপি মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য প্ৰফুল্ল কুমাৰ মহন্তৰ। বিজেপিৰে পুনৰ মিত্ৰতা অগপৰ কোনো সিদ্ধান্ত নাছিল বুলি প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ। আঞ্চলিকতাবাদক শক্তিশালী কৰক, অগপৰ কাৰ্যনিবাহক সভাই মিত্ৰতা নকৰো বুলি কৈছিল সংবাদমেলত প্ৰফুল্ল কুমাৰ মহন্তয়ে। এনে সিদ্ধান্ত অগপৰ কাৰ্য নিৰ্বাহকে লোৱা নাছিল।

নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে গঠন কৰা ৯ জনীয়া সমিতি গঠন কৰা হৈছিল। প্ৰফুল্ল কুমাৰ মহন্তই উল্লেখ কৰে যে তেওঁক সেই সভালৈ মতা নাছিল। অগপ বিজেপিৰ সাধাৰণ পৰিষদৰ সিদ্ধান্ত নহয় ,বিজেপিৰে মিত্ৰতা অগপৰ চাৰি পাঁচজন নেতাৰ একপক্ষীয় সিদ্ধান্ত।

এই মিত্ৰতাক সম্পুৰ্ণ অগণতান্ত্ৰিক মিত্ৰতা আখ্যা দিয়ে প্ৰফুল্ল কুমাৰ মহন্তই |অগপ নেতৃত্বৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। দলৰ এই নেতৃত্বই এখনো সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰা নাই। এই বিষয়ত তেওঁ অৱগত নহয় বুলি উল্লেখ কৰে। আনহাতে প্ৰফুল্ল কুমাৰ মহন্তই উল্লেখ কৰে যে "মোৰ বিৰূদ্ধে ষড়যন্ত্ৰ চলি আছে। মোক আঁতৰাব বিচাৰিছে দলৰ একাংশ নেতাই। ৮৫৫ জন শ্বহীদৰ মহান ত্যাগক তেওঁলোকে অপমান কৰিছে" বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

‘বিজেপিৰ সৈতে মিত্ৰতা কেৱল ক্ষমতাৰ স্বাৰ্থতহে কৰাৰ লগতে প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে দলৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিছে, ২০২১ চনৰ নিৰ্বাচনত অগপই অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগিব বুলি মন্তব্য কৰে প্ৰফুল্ল কুমাৰ মহন্তই। ‘অগপক কেৱল ২-৪জন নেতাৰ দললৈ পৰিণত নকৰিবলৈ আহ্বান প্ৰফুল্ল কুমাৰ মহন্তৰ। ‘দল দ্বিখণ্ডিত হোৱাৰ প্ৰশ্ন নাই, শক্তিশালী কৰিব লাগিব, কোনো পদৰ বাবে কেন্দ্ৰ-ৰাজ্য চৰকাৰক একো বিচৰাও নাই, বিভিন্ন অসুবিধাৰ বাবে অগপৰ বহু নেতা আঁতৰিছে বুলি প্ৰকাশ কৰাৰ লগতে সকলোকে পুনৰ উভতি আহিবলৈ আহ্বান জনাইছে প্ৰফুল্ল মহন্তই। অসম গণ পৰিষদৰ সকলো কৰ্মীলৈ জাতীয়তাবাদ ৰক্ষা কৰি আভ্যন্তৰীণ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনায়। অগপ বিজেপিৰ মিত্ৰতাৰ বাবে অগপৰ বৃহৎ ক্ষতি হ'ব বুলি উল্লেখ কৰে প্ৰফুল্ল কুমাৰ মহন্তই।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com