বিধানসভাৰ নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি বিজেপি,এজিপি আৰু বিপিএফৰ

বিধানসভাৰ নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি বিজেপি,এজিপি আৰু বিপিএফৰ

বিধানসভাৰ নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি বিজেপি,এজিপি আৰু বিপিএফৰ ৷ বিজেপি,অগপ আৰু বিপিএফৰ মিত্ৰতাই ৰাজ্যত অনাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সংবাদ মাধ্যমক এই বিষয়ে জনাই নেডাৰ আহ্বায়ক তথা বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ মিত্ৰ দলৰ সকলো সহযোগিৰে লক্ষ্য যে ২০২১ চনত অসমত ১০০ খন আসন লাভ কৰিব লাগিব ৷

মন্ত্ৰী ড° শৰ্মাই লগতে কয় যে ৩০ মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিতীয়টো কাৰ্যকালৰ কাৰণে শপত গ্ৰহণ কৰিব ৷ ইয়াৰ পিছতে মিত্ৰ দলৰ সহিতে সকলোৱে ৰাজ্যত সৰ্ব স্তৰতে বিকাশৰ কাৰণে ক্ষিপ্ৰ গতিত আগবাঢ়িব ৷অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ (AICC) সভাপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি মন্ত্ৰী ড° শৰ্মাই কয় যে কংগ্ৰেছৰ কোনো ভৱিষ্যত নাই ।কিন্তু সৰ্ব স্তৰতে বিকশিত গণতন্ত্ৰৰ কাৰণে শক্তিশালী বিৰোধীৰ আৱশ্যক ৷ বিজেপিৰ মতে সংসদত বিৰোধীৰ স্থান থাকিব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com