বিধায়কে এদিনতে উন্মোচন কৰিলে ২৯ টা আধাৰশিলা

বিধায়কে এদিনতে উন্মোচন কৰিলে ২৯ টা আধাৰশিলা
Published on

পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ এদিন পূৰ্বে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই নিজ সমষ্টিত ভালেসংখ্যক আচনিৰ শুভ উদ্ধোধন কৰে। বিধায়ক ভাস্কৰ শৰ্মাই এদিনতে ২৯ খন আচনি, আনুমানিক প্ৰায় ৩০ কোটি টকা ব্যয় কৰাৰ লক্ষ্যৰে উন্মোচন কৰে। আনফালে তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিসানে বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত ম'হখুলীত ৩০ খন বিচনাযুক্ত মডেল হস্পিতাল এখনৰ উদ্ধোধন কৰে। হস্পিতাল খনৰ কাম ২০১৩ ত আৰম্ভ হৈ ২০১৬ ত নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল।

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ২০১৮-১৯ বৰ্ষৰ এছ অ পি ডি আচনিৰ অধীনত নিজ সমষ্টিত ২৯ টা শিলগুটি দিয়া পথৰ আধাৰশিলা স্থাপন কৰে।চেগুবাৰী চাহ বাগিচা পথ, থানা পথ, মাৰ্ঘেৰিটা কলেজ পথ, লিটং তিনিয়ালী পথ এনেদৰে বহু কেইটা পথৰ আধাৰশিলা স্থাপন কৰে মাৰ্ঘেৰিটাৰ বিধায়ক জনে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com